ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট
ছিংগাপুৰৰ পৰা আহিল ৰাজ্যজোকাৰি যোৱা খবৰটো।অসমৰ আকাশৰ ভোটাতৰাটো আজি খহি পৰিল।বৃহস্পতিবাৰ নিশা নৰ্থ ইষ্ট ফেষ্টিভেলত শেষবাৰৰ বাবে গীত পৰিৱেশন কৰি জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰে।
ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অজান দেশলৈ গুচি গ’ল। অসমৰ হিয়াৰ মুকুতা গৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী।
১৯৭২ চনত ১৮ নৱেম্বৰৰ দিনা মেঘালয়ৰ তুৰাত জন্ম গ্ৰহণ কৰিছিল জুবিন গাৰ্গে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়।
তাৰ পিছত প্ৰায় ৪০টাত কৈ অধিক ভাষাত আৰু প্ৰায় ৩৮ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰি সমগ্ৰ অসমবাসীৰ হৃদয়ৰ নয়নৰ মণি হৈ পৰিছিল জুবিন গাৰ্গ।
জুবিনৰ সংগীতৰ সেই যাত্ৰা আজি স্তব্ধ হৈ পৰিল ছিংগাপুৰত। যি সময়ত একাংশৰ অসমীয়া গানৰ প্ৰতি অনিহা আহিছিল সেই সময়তে জুবিন গাৰ্গে অস্ত যাবলৈ ধৰা অসমীয়া উদ্যেগটোৰ সূৰ্য উদয় কৰিছিল।
২০১৯ চনত এখন সংগীতানুষ্ঠানত জুবিন গাৰ্গে কৈছিল “ মোৰ মৃত্যুৰ দিনা সকলোৱে মায়াবিনী ৰাতিৰ বুকুত….’ আৰু মোক জ্বলোৱাৰ সলনি ব্ৰহ্মপুত্ৰত উটোৱাই দিব”।
আৰু সঁচাকৈয়ে আজি হেৰাই গ’ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গ নাই, চৌদিশে কেৱল শূণ্যতা…জুবিনৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে গুণমুগ্ধ।
লগতে পঢ়ক: পাখি মেলি উৰি গ’ল; জুবিন গাৰ্গ আৰু নাই