কিছুদিন পূৰ্বে হোৱাইট হাউছত হোৱা উত্তপ্ত বিতৰ্কৰ পিছত প্ৰথমবাৰৰ বাবে মুখামুখি হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ নেতা ভ্লাদিমিৰ জেলেনস্কি । ইটালীৰ ৰাজধানী ৰোমত শনিবাৰে দুয়োৰে মাজত এখন বৈঠক অনুষ্ঠিত হয় ।
ভেটিকানৰ ছেইণ্ট পিটাৰ বেচিলিকাত প্ৰায় ১৫ মিনিট ধৰি চলা এই বৈঠকত দুয়োগৰাকী নেতাই ভৱিষ্যতে অধিক আলোচনা কৰিবলৈ সন্মত হয় । উল্লেখ্য য়ে, হোৱাইট হাউছত দুয়োগৰাকী নেতাৰ মাজত হোৱা বিতৰ্কৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে দুয়োগৰাকী নেতা মুখামুখিকৈ বহি আলোচনাত মিলিত হয় ।
বৈঠকৰ অন্তত হোৱাইট হাউছৰ যোগাযোগ সঞ্চালক ষ্টিভেন চেউঙে কয় যে ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত হোৱা বৈঠকখন অতি উপযোগী আছিল আৰু এই বিষয়ে অধিক তথ্য প্ৰকাশ কৰা হ’ব ।
জেলেনস্কিৰ চীফ অব্ ষ্টাফ আন্দ্ৰেই য়েৰমাকে এই আলোচনাক ছ’চিয়েল মিডিয়াত এক “গঠনমূলক” বৈঠক বুলি অভিহিত কৰিছে । জেলেনস্কিৰ কাৰ্যালয়ে এই বৈঠকৰ কিছু ফটোও প্ৰকাশ কৰিছে ।
আন এক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত-
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰৰ মতে, দুয়োগৰাকী নেতাই শনিবাৰৰ পিছত আন এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁলোকৰ দলসমূহে এই বৈঠক আয়োজন কৰাৰ বাবে কাম কৰি আছে । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সংঘাতৰ অন্ত পেলোৱাৰ বাবে আলোচনা চলি থকাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে । এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটনৰ অ’ভেল অফিচত হোৱা বিতৰ্কৰ পিছত দুয়োজন নেতাৰ এইখন প্ৰথমখন বৈঠক । বিশেষজ্ঞসকলৰ মতে এই আলোচনা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব পাৰে । ৰোমত এই বৈঠক দুয়োখন দেশৰ মাজত সহযোগিতা আৰু শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তিৰ দিশত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবেও ইতিবাচক লক্ষণ হিচাপে দেখা গৈছে বুলি মন্তব্য কৰিছে একাংশ বিশেষজ্ঞই ।