শান্তি আলোচনাৰ বাবে চৰ্ত নিৰ্ধাৰণ জেলেনস্কিৰ…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত আলাস্কাত হোৱা আলোচনাৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেওঁ ট্ৰাম্পৰ ঐতিহাসিক শান্তি চুক্তিৰ বাবে ইউক্ৰেইনক নিৰাপত্তাৰ নিশ্চয়তা প্ৰদানৰ বাবে দিয়া প্ৰস্তাৱক প্ৰশংসা কৰিছে।
লগতে, হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে স্পষ্ট কৰি দিছে যে ইউক্ৰেইনে নিজৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ক্ষেত্ৰত আপোচ নকৰে।
আৰু তেওঁ নিজৰ চৰ্তত যুদ্ধ বন্ধ কৰিবলৈ সাজু হ’ব।ইফালে ইউৰোপীয় দেশসমূহেও ইউক্ৰেইনক সমৰ্থন কৰিছে।
জেলেনস্কিয়ে এক বিবৃতিত কয়, ‘এইটো এটা ঐতিহাসিক সিদ্ধান্ত যে ইউক্ৰেইনৰ বাবে নিৰাপত্তাৰ নিশ্চয়তাত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা সাজু’।
‘এই নিশ্চয়তাসমূহ আমাৰ যৌথ প্ৰচেষ্টাৰ ফল হ’ব লাগিব আৰু সঁচাকৈয়ে ব্যৱহাৰিক হ’ব লাগিব,য’ত স্থল, বায়ু আৰু সাগৰত নিৰাপত্তা অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইউৰোপৰ অংশগ্ৰহণেৰে ইয়াক বিকশিত কৰা উচিত।’
তেওঁ কয় যে ৰাছিয়াৰ সৈতে আলোচনা বৰ্তমানৰ ফ্ৰণ্ট লাইনৰ পৰা আৰম্ভ হ’ব লাগে।সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ এদিন পূৰ্বে জেলেনস্কিৰ এই মন্তব্য কৰিছে।
তেওঁ ইউৰোপীয় দেশসমূহক ধন্যবাদ জনাই কয় যে তেওঁলোকে আমাৰ স্থিতি শক্তিশালী কৰি এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে।আনহাতে ইউৰোপীয় নেতাসকলেও এই পদক্ষেপক সমৰ্থন কৰিছে।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ট্ৰাম্পৰ নিশ্চয়তা প্ৰদানৰ ইচ্ছাক প্ৰশংসা কৰে আৰু যুদ্ধ শেষ হ’লে আশ্বাস বাহিনীক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে।