পুটিন উভতিল… এতিয়া জেলেনস্কিৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি…

পুটিনৰ পিছত এইবাৰ ভাৰতলৈ আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি ! নতুন বৰ্ষত কৰিব পাৰে ভাৰত ভ্ৰমণ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সফল দিল্লী ভ্ৰমণৰ পিছত ভাৰতে আন এক কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে।ভাৰতে এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক দিল্লীত আতিথ্য প্ৰদানৰ পৰিকল্পনাত কাম কৰি আছে ।

কূটনৈতিক মহলত ইয়াক ভাৰতৰ বৈদেশিক নীতিত এক ভাৰসাম্য ৰক্ষাৰ কাম বুলি গণ্য কৰা হৈছে।অনুমান কৰা হৈছে যে ২০২৬ চনৰ জানুৱাৰী মাহত জেলেনস্কিয়ে দিল্লী ভ্ৰমণ কৰিব পাৰে,অৱশ্যে এই ভ্ৰমণৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই ।

ভাৰতে কেইবা সপ্তাহ ধৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সৈতে সংস্পৰ্শত আছে। ৰাষ্ট্ৰপতি পুটিনৰ নতুন দিল্লী ভ্ৰমণৰ আগৰে পৰাই ভাৰতৰ এই প্ৰচেষ্টা অব্যাহত আছে ।

ভাৰত আৰু ইউক্ৰেইনৰ বিষয়াসকলৰ মাজত এই সন্দৰ্ভত কেইবা সপ্তাহ ধৰি আলোচনা চলি আছে,আৰু নতুন দিল্লী পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বেও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সৈতে যোগাযোগত আছিল ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই ভ্ৰমণে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দুয়োপক্ষৰ সৈতে জড়িত হৈ থাকিবলৈ ভাৰতৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব।ভাৰতে কেইবামাহো ধৰি এই নীতি পালন কৰি আহিছে ।

এই কাৰণেই ২০২৪ চনৰ জুলাই মাহত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কোলৈ গৈ পুটিনক সাক্ষাৎ কৰিছিল,আনহাতে , ইয়াৰ মাত্ৰ এমাহৰ পাছত আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইন ভ্ৰমণ কৰিছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰস্তাৱিত ভ্ৰমণৰ সময় আৰু পৰিসৰ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব।ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনা কেনেকৈ আগবাঢ়ি যায় আৰু যুদ্ধক্ষেত্ৰত কি হয়।

লগতে পঢ়ক: ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল

ট্ৰাম্পক সাক্ষাৎ কৰাৰ পূৰ্বে শান্তি আলোচনাৰ বাবে চৰ্ত নিৰ্ধাৰণ জেলেনস্কিৰ…

শান্তি আলোচনাৰ বাবে চৰ্ত নিৰ্ধাৰণ জেলেনস্কিৰ…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত আলাস্কাত হোৱা আলোচনাৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ ট্ৰাম্পৰ ঐতিহাসিক শান্তি চুক্তিৰ বাবে ইউক্ৰেইনক নিৰাপত্তাৰ নিশ্চয়তা প্ৰদানৰ বাবে দিয়া প্ৰস্তাৱক প্ৰশংসা কৰিছে।

লগতে, হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে স্পষ্ট কৰি দিছে যে ইউক্ৰেইনে নিজৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ক্ষেত্ৰত আপোচ নকৰে।

আৰু তেওঁ নিজৰ চৰ্তত যুদ্ধ বন্ধ কৰিবলৈ সাজু হ’ব।ইফালে ইউৰোপীয় দেশসমূহেও ইউক্ৰেইনক সমৰ্থন কৰিছে।

জেলেনস্কিয়ে এক বিবৃতিত কয়, ‘এইটো এটা ঐতিহাসিক সিদ্ধান্ত যে ইউক্ৰেইনৰ বাবে নিৰাপত্তাৰ নিশ্চয়তাত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা সাজু’।

‘এই নিশ্চয়তাসমূহ আমাৰ যৌথ প্ৰচেষ্টাৰ ফল হ’ব লাগিব আৰু সঁচাকৈয়ে ব্যৱহাৰিক হ’ব লাগিব,য’ত স্থল, বায়ু আৰু সাগৰত নিৰাপত্তা অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইউৰোপৰ অংশগ্ৰহণেৰে ইয়াক বিকশিত কৰা উচিত।’

তেওঁ কয় যে ৰাছিয়াৰ সৈতে আলোচনা বৰ্তমানৰ ফ্ৰণ্ট লাইনৰ পৰা আৰম্ভ হ’ব লাগে।সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ এদিন পূৰ্বে জেলেনস্কিৰ এই মন্তব্য কৰিছে।

তেওঁ ইউৰোপীয় দেশসমূহক ধন্যবাদ জনাই কয় যে তেওঁলোকে আমাৰ স্থিতি শক্তিশালী কৰি এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে।আনহাতে ইউৰোপীয় নেতাসকলেও এই পদক্ষেপক সমৰ্থন কৰিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ট্ৰাম্পৰ নিশ্চয়তা প্ৰদানৰ ইচ্ছাক প্ৰশংসা কৰে আৰু যুদ্ধ শেষ হ’লে আশ্বাস বাহিনীক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে।

লগতে পঢ়ক: পুটিনক সাক্ষাতৰ পিছত জেলেনস্কিক ফোন কৰিলে ট্ৰাম্পে… ‘যুদ্ধবিৰতি’ সন্দৰ্ভত এই কথা ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

পুনৰ ট্ৰাম্পক লগ কৰাৰ পৰিকল্পনা জেলেনস্কিৰ ; যুদ্ধ বিৰতিকে ধৰি কেইবাটাও বিষয়ত আলোচনা

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। দুয়োখন দেশে ইসিনে সিখনৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই আছে।

ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে তেওঁ বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পৰিকল্পনা কৰিছে।

ট্ৰাম্প আৰু জেলেনস্কিয়ে যুদ্ধবিৰতিৰ চুক্তিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ক্ৰেমলিনে কৈছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰস্তাৱত সন্মত হৈছিল।

যিয়ে ৰাছিয়া আৰু ইউক্ৰেইনক ৩০ দিনৰ বাবে ইজনে সিজনৰ শক্তি আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছিল।

ক্ৰেমলিনে এক বিবৃতি জাৰি কৰি কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত দুয়োজন নেতাই ফোনযোগে বিতং আলোচনা কৰিছিল।

আমেৰিকাৰ সৈতে শান্তি আলোচনা কৰিবলৈ সাজু জেলেনস্কি; চৌদি আৰৱত মুখামুখিকৈ বহিব আমেৰিকা আৰু ইউক্ৰেইন

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি এতিয়া শান্তি আলোচনাত সন্মত হৈছে। তেওঁ নিজেই এই তথ্য প্ৰদান কৰিছে। জেলেনস্কিৰ সন্মতিৰ পিছত, আলোচনাৰ স্থানো নিৰ্ধাৰণ কৰা হৈছে।

এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইনে প্ৰথম আনুষ্ঠানিক শান্তি আলোচনাৰ বাবে চৌদি আৰৱত মুখামুখিকৈ বহিব।

ইয়াৰ পূৰ্বে ৱাশ্বিংটনৰ ওভাল কাৰ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত হোৱা আলোচনা সম্পূৰ্ণৰূপে বিফল হৈছিল।

এই সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত তীব্ৰ বিতৰ্ক হৈছিল। অৱশ্যে, এতিয়া জেলেনস্কিয়ে শান্তি আলোচনাত সন্মত হৈছে।

জেলেনস্কিয়ে কৈছিল যে যুদ্ধসমাপ্তিৰ বাবে ইউক্ৰেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আলোচনা অহা সপ্তাহত চৌদি আৰৱত অনুষ্ঠিত হ'ব।

জেলেনস্কিয়ে বৃহস্পতিবাৰে কৈছিল যে তেওঁ সোমবাৰে চৌদি আৰৱ ভ্ৰমণ কৰিব আৰু তেওঁৰ দলটো আমেৰিকান বিষয়াসকলৰ সৈতে মীমাংসা কৰিবলৈ তাত থাকিব।

তেওঁ লগতে কয় যে, “মই ৰাজকুমাৰক লগ কৰিবলৈ চৌদি আৰৱলৈ যাম। তাৰ পিছত মোৰ দলটোৱে আমেৰিকাৰ অংশীদাৰৰ সৈতে কাম কৰিবলৈ চৌদি আৰৱত থাকিব। ইউক্ৰেইন শান্তিৰ প্ৰতি আটাইতকৈ বেছি আগ্ৰহী”।