যুজবেন্দ্ৰ চাহালে ভংগ কৰিলে মৌনতা
ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে কৰিঅ’গ্ৰাফাৰ ধনশ্ৰী ভাৰ্মাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে।তেওঁ নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বহু নুশুনা কথা সকলোৰে আগত খুলি কৈছে।
লগতে যুজবেন্দ্ৰ চাহালে প্ৰকাশ কৰে যে ধনশ্ৰী আৰু তেওঁ কেইবামাহো পূৰ্বেই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল। কিন্তু, তেওঁ ভাবি থাকিল যে সকলো ঠিকেই হ’ব কিন্তু কথাবোৰ ঠিক নহ’ল আৰু তেওঁলোক পৃথক হ’ল।
আনকি ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত যুজবেন্দ্ৰক প্ৰতাৰক বুলিও কোৱা হৈছিল।এই সন্দৰ্ভতো ক্ৰিকেটাৰগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰি কয় যে সেই সময়ত তেওঁৰ আত্মহত্যাৰ চিন্তা আছিল।
এটা সাক্ষাৎকাৰত যুজবেন্দ্ৰ চাহালে কয় যে, বিবাহ বিচ্ছেদৰ পিছত তেওঁক সকলোৱে ভুল বুলি কৈছিল আৰু তেওঁক মিছলীয়াৰ আখ্যা দিছিল।
যেতিয়া চাহালক সোধা হৈছিল যে হয়তো ভৱিষ্যতে সকলো ঠিকেই হ’ব বুলি আশা কৰি ছ’চিয়েল মিডিয়াত নিজৰ বিবাহক নিখুঁত বুলি দেখুৱাইছে নেকি? তেওঁ কৈছিল য়ে সেইটো হয়।
তেওঁ কয় যে তেওঁৰ অনুভৱ আছিল যে পৃথক হোৱাৰ সিদ্ধান্ত সলনি হ’ব পাৰে আৰু দুয়োজনে পুনৰ একেলগে সুখেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিব।
চাহালে লগতে কয়, ‘বিবাহ বিচ্ছেদৰ পিছত মোক প্ৰতাৰক বুলি কোৱা হৈছিল আনহাতে মই জীৱনত কেতিয়াও প্ৰতাৰনা কৰা নাছিলো।মই এজন নিষ্ঠাবান ব্যক্তি।
মোৰ দৰে আনুগত্যশীল কাকো বিচাৰি নাপাবা… মই মোৰ মানুহৰ কথা চিন্তা কৰো।’ তেওঁ লগতে কয়, ‘মোৰ আটাইতকৈ বেছি আঘাত পোৱা কথাটো হ’ল যেতিয়া মানুহে সম্পূৰ্ণ কাহিনী নাজানি সিদ্ধান্ত গ্ৰহণ কৰে’।
‘এই সকলোবোৰে মোক অতি দুখী কৰি তোলে…কি হৈছিল কোনেও নাজানে আৰু এতিয়াও মোক দোষ দি আছে।’
বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ বুজাই দি ক্ৰিকেটাৰগৰাকীয়ে কয় যে বিবাহ হৈছে বুজাবুজি। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণ উল্লেখ কৰি তেওঁ কয় যে একেলগে গুণগত সময় কটাব নোৱাৰাৰ বাবে তেওঁলোকৰ মাজৰ দূৰত্ব বৃদ্ধি পালে।
তেওঁ আৰু কয় যে যদিও দুয়োপক্ষৰ পৰা বুজাবুজিৰ প্ৰয়োজন, তথাপিও কেতিয়াবা মতানৈক্যৰ বাবে সকলো নষ্ট হৈ পৰে।চাহালে আৰু কয় যে তেওঁ আৰু ধনশ্ৰী দুয়োজনেই নিজৰ নিজৰ কেৰিয়াৰত ব্যস্ত আছিল।
ইয়াৰ বাবে দুয়োৰে মাজত যোৱা কেইবছৰমানৰ ভিতৰত ভুল বুজাবুজি বাঢ়ি আহিছিল, যাৰ ফলত লাহে লাহে তেওঁলোকৰ সম্পৰ্কত প্ৰভাৱ পৰিছিল।
লগতে পঢ়ক: অ’ভাল টেষ্টৰ পৰা কিয় বাহিৰ হ’ল বেন ষ্ট’কছ? প্লেয়িং ১১ ত আনিছে ডাঙৰ পৰিৱৰ্তন