ভাৰতত সস্তা হ’ল X ৰ চাবস্ক্ৰিপচন
শেহতীয়াকৈ ইলন মাস্কৰ চেটেলাইট ব্ৰডবেণ্ড সেৱা ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।অহা কেইমাহমানৰ ভিতৰত কোম্পানীটোৱে ভাৰতত ব্ৰডবেণ্ড সেৱা আগবঢ়াব।
আনহাতে, মাস্কে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ প্ৰিমিয়াম চাবস্ক্ৰিপচন প্লেন ভাৰতত সস্তা কৰিছে।কোম্পানীটোৱে ইয়াৰ মূল্য ৪৭% পৰ্যন্ত হ্ৰাস কৰিছে। এতিয়া ইউজাৰে মাহে মাত্ৰ ১৭০ টকাত পাব এক্স প্ৰিমিয়ামৰ বেচিক প্লেন।
মাস্কৰ কোম্পানী এক্সে ভাৰতত বেচিক, প্ৰিমিয়াম আৰু প্ৰিমিয়াম প্লাছ চাবস্ক্ৰিপচন প্লেন আগবঢ়ায়।২০৩২ চনৰ ফেব্ৰুৱাৰী মাহলৈকে কোম্পানীটোৱে ভাৰতত প্ৰিমিয়াম চাবস্ক্ৰিপচন আগবঢ়াইছে।প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে এক্সৰ প্ৰিমিয়াম প্লেনৰ মূল্য।ইয়াৰ পূৰ্বে প্ৰিমিয়াম প্লাছৰ মূল্য দুগুণ বৃদ্ধি কৰা হৈছে।
ৱেব ব্যৱহাৰকাৰীৰ বাবে এক্সৰ বেচিক চাবস্ক্ৰিপচন প্ৰতিমাহে ১৭০ টকা বা বছৰি ১৭০০ টকাত উপলব্ধ হ’ব।পূৰ্বে এই মূল্য প্ৰতি মাহত ২৪৪ টকা আৰু প্ৰতি বছৰে ২৫৯১ টকা আছিল।
একে সময়তে প্ৰিমিয়াম ব্যৱহাৰকাৰীয়ে এতিয়া প্ৰতিমাহে ৪২৭ টকা আৰু প্ৰতি বছৰে ৪২৭২ টকা দিব লাগিব, যিটো আগতে প্ৰতিমাহে ৬৫০ টকা আৰু বছৰি ৬৮০০ টকা আছিল।
মোবাইল ব্যৱহাৰকাৰীৰ প্ৰিমিয়াম চাবস্ক্ৰিপচন প্লেন এতিয়া প্ৰতিমাহে ৪৭০ টকা হৈ পৰিছে, যিটো আগতে ৯০০ টকা প্ৰতিমাহে আছিল।
লগতে পঢ়ক: Twitter ৰ প্ৰতিষ্ঠাপকে মুকলি কৰিলে নতুন এপ; চিম আৰু ইন্টাৰনেট অবিহনেই কৰিব পাৰিব চেটিং