WTC পইণ্ট টেবুলত ভাৰতৰ আধিপত্য
বাৰ্মিংহামৰ এডবাষ্টন খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়েৰে অভিলেখ সৃষ্টি কৰে ভাৰতীয় টেষ্ট দলে । এই জয়ৰ জৰিয়তে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । এই জয়ো বিশেষ আছিল কাৰণ শুভমন গীলৰ অধিনায়কত্বত ভাৰতৰ প্ৰথম টেষ্ট জয় । লগতে ভাৰতেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ২০২৫-২৭ চক্ৰত প্ৰথম পইণ্ট লাভ কৰে ।
যেতিয়া শুভমন গীলক টিম ইণ্ডিয়াৰ টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল তেতিয়া বহু প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁ ইমান ডাঙৰ দায়িত্ব চম্ভালিব পাৰিবনে ? প্ৰথম টেষ্টত পৰাজয়ৰ পিছত হেঁচা আৰু বাঢ়িছিল যদিও দ্বিতীয়খন মেচত গীলে কেৱল বিস্ফোৰক প্ৰদৰ্শনেই নহয় অধিনায়কত্বৰ ক্ষেত্ৰতো পৰিপক্কতা দেখুৱাইছিল । দুয়োটা ইনিংছতে ক্ৰমে ২৬৯ আৰু ১৬১ ৰান সংগ্ৰহ কৰি তেওঁ যে কেৱল এজন যুৱ বেটছমেন নহয়, তেওঁ এজন সক্ষম নেতা বুলিও নিজকে প্ৰমাণ কৰিলে ।
মেচৰ পিছত গীলে কয় যে, “বিগত পৰাজয়ৰ পৰা আমি বহু কথা শিকিলোঁ আৰু এইবাৰ আমি কৰা সকলো পৰিকল্পনা কাৰ্যকৰী কৰিলোঁ । বলিং আৰু ফিল্ডিঙত উন্নতি হৈছে । এই জয় সমগ্ৰ দলীয় প্ৰচেষ্টাৰ ফল ।”
WTC পইণ্ট টেবুলৰ সমীকৰণ-
এই জয় কেৱল ছিৰিজৰ ক্ষেত্ৰতে নহয়, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ (WTC)ৰ দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ আছিল । চলিত চক্ৰত এইটোৱেই আছিল ভাৰতৰ প্ৰথম জয় আৰু ইয়াৰ লগে লগে দলটোৱে প্ৰথম পইণ্ট লাভ কৰিছে । গীলৰ দলে প্ৰমাণ কৰিলে যে ডব্লিউ টি চি ফাইনেলৰ দৌৰত তেওঁলোক এক শক্তিশালী প্ৰতিদ্বন্দ্বী ।
WTC চক্ৰৰ কথা ক’বলৈ গ’লে অষ্ট্ৰেলিয়াই এতিয়ালৈকে ২খন মেচ খেলিছে আৰু দুয়োখন খেলতে জয়লাভ কৰিছে । ইয়াৰ লগে লগে অষ্ট্ৰেলিয়া ২৪ পইণ্টেৰে প্ৰথম স্থানত আছে । একে সময়তে দ্বিতীয় স্থানত আছে শ্ৰীলংকা, যিয়ে ২খন টেষ্ট মেচৰ ভিতৰত ১খনত জয়লাভ কৰি এখন ড্ৰ’ত অন্ত পেলাইছে । ১৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে দলটো । ২ খন মেচৰ ভিতৰত ১ খনত জয়ী হৈ ১২ পইণ্ট লাভ কৰি WTC পইণ্ট টেবুলৰ তৃতীয় স্থানত আছে ভাৰত । চতুৰ্থ স্থানত ইংলেণ্ড আৰু পঞ্চম স্থানত আছে বাংলাদেশ ।
লগতে পঢ়ক : ‘মোৰ ভগ্নী কৰ্কট ৰোগৰ সৈতে যুঁজি আছে…’; আকাশ দীপে উৎসৰ্গা কৰিলে এই বিজয়