ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে…
আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ তৃতীয় চক্ৰৰ (২০২৩-২৫)ৰ খিতাপ দখল কৰিছে দক্ষিণ আফ্ৰিকাই । ক্ৰিকেটৰ মক্কা হিচাবে পৰিচিত লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে । মেচখনত দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে ২৮২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো খেলৰ চতুৰ্থ দিনটোত (১৪ জুন) দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে উপনীত হয় ।
ক্ৰিকেটৰ মক্কাত প্ৰটিয়াছৰ অভিলেখ-
২৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাই আই চি চি খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ১৯৯৮ চনত (উইলছ ইণ্টাৰনেশ্যনেল কাপ) প্ৰথমবাৰৰ বাবে আই চি চি খিতাপ দখল কৰিছিল দলটোৱে । উল্লেখ্য যে এই মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২১২ ৰান আৰু দ্বিতীয় ইনিংছত ২০৭ ৰান সংগ্ৰহ কৰে । আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ১৩৮ ৰানত সীমাবদ্ধ আছিল । প্ৰথম ইনিংছৰ ভিত্তিত অষ্ট্ৰেলিয়াই ৭৪ ৰানৰ অগ্ৰগতি লাভ কৰিছিল, যাৰ বাবেই দক্ষিণ আফ্ৰিকাৰ সন্মুখত ২৮২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কেংগেৰু বাহিনীয়ে ।
বাভুমা-মাৰ্ক্ৰামে ঘূৰালে মেচৰ গতি-
ক্ৰিকেটৰ মক্কাত অনুষ্ঠিত হোৱা এই মেচখনত লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত ৭০ ৰান সংগ্ৰহ কৰি দ্বিতীয়টো উইকেট হেৰুৱাই । ইয়াৰ পৰাই এইডেন মাক্ৰাম আৰু অধিনায়ক টেম্বা বাভুমাই ক্ৰীজত দলৰ দায়িত্ব লয় । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ১৪৭ ৰানৰ অংশীদাৰিত্বই দক্ষিণ আফ্ৰিকাৰ বাবে জয় সহজ কৰি তোলে । এই অংশীদাৰিত্বৰ সময়ছোৱাত মাৰ্ক্ৰামে ১১টা চাৰিৰ সহায়ত ১০১টা বলত শতক সম্পূৰ্ণ কৰে । এয়া আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতিক । লগে লগে আই চি চিৰ ইভেণ্টৰ ফাইনেলত শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ বেটছমেন হিচাপে পৰিগণিত হয় মাৰ্ক্ৰাম ।
আনহাতে, টেম্বা বাভুমাই হামষ্ট্ৰিঙৰ আঘাতৰ সৈতে যুঁজিও এক ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয় । বাভুমাই ১৩৪টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, য’ত পাঁচটা চাৰি আছিল । বাভুমাক ৰান আউট কৰে অধিনায়ক পেট কামিন্সে । ট্ৰিষ্টান ষ্টাবছ বিশেষ প্ৰদৰ্শনত আৰু ৮ ৰান সংগ্ৰহ কৰি মিচেল ষ্টাৰ্কৰ বলি হয় । ইয়াৰ পিছতে মাক্ৰাম আৰু ডেভিদ বেডিংহামে ৫ উইকেটৰ বিনিময়ত ৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি দক্ষিণ আফ্ৰিকাক জয়ৰ ওচৰলৈ লৈ যায় । দক্ষিণ আফ্ৰিকাই জয়ী হ’বলৈ ৬ ৰান বাকী থকাৰ সময়তে মাক্ৰাম আউট হয় । মাক্ৰামক জোছ হেজলউডে আউট কৰে । মাৰ্ক্ৰামে ২০৭টা বলত ১৩৬ ৰান সংগ্ৰহ কৰে, য’ত ১৪টা চাৰি আছিল ।
উইকেট পতনঃ ৯-১ (ৰিয়ান ৰিকেলটন, ২.১ অভাৰ), ৭০-২ (ৱিয়ান মুল্ডাৰ, ১৭.৪ অভাৰ), ২১৭-৩ (টেম্বা বাভুমা, ৫৮.৬ অভাৰ), ২৪১-৪ (ট্ৰিষ্টান ষ্টাবছ, ৭০.৩ অভাৰ), ২৭৬-৫ (এইডেন মাৰ্ক্ৰাম, ৮০.৬ অভাৰ)
অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ষ্টাৰ্কে বেটেৰে কৰিলে এই কাম-
অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ কথা ক’বলৈ গ’লে কেংগাৰু দলৰ স্ক’ৰ এসময়ত আছিল ৭টা উইকেটত ৭৩ ৰান । ইয়াৰ পিছতে উইকেটকীপাৰ বেটছমেন এলেক্স কেৰী আৰু মিচেল ষ্টাৰ্কৰ উজ্জ্বল বেটিঙৰ বাবে অষ্ট্ৰেলিয়াই ২০৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ষ্টাৰ্কে ১৩৬টা বলত ৫৮ (অপৰাজিত) ৰান সংগ্ৰহ কৰে, য’ত পাঁচটা চাৰি আছিল । আনহাতে এলেক্স কেৰীয়ে ৫টা চাৰিৰ সহায়ত ৫০টা বলত ৪৩ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছ’ ৰাবাডাই দ্বিতীয় ইনিংছতো উজ্জ্বল বলিং কৰি ৪টা উইকেট দখল কৰে । আনহাতে লুংগি ঙিডিয়ে তিনিটা সফলতা লাভ কৰে ।
উইকেটৰ পতনঃ ২৮-১ (উছমান খোৱাজা, ১০.২ অভাৰ), ২৮-২ (কেমেৰুন গ্ৰীণ, ১০.৪ অভাৰ), ৪৪-৩ (মাৰ্নাছ লাবুশ্বান, ১৭.৫ অভাৰ), ৪৮-৪ (ষ্টিভ স্মিথ, ১৮.৫ অভাৰ), ৬৪-৫ (বিউ ৱেবষ্টাৰ, ২২.৬ অভাৰ), ৬৬-৬ (ট্ৰেভিছ হেড, ২৩.৪ অভাৰ), ৭৩-৭ (পেট কামিন্স, ২৪.৫ অভাৰ), ১৩৪-৮ (এলেক্স কেৰী, ৩৮.২ অভাৰ), ১৪৮-৯ (নাথান লায়ন, ৪২.৪ অভাৰ), ২০৭-১০ (জোছ হেজলউড, ৬৪.৬ অভাৰ)
প্ৰথম ইনিংছত কামিন্সৰ আগত আত্মসমৰ্পণ আফ্ৰিকান বেটছমেনৰ-
প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ বেটছমেনৰ প্ৰদৰ্শন হতাশাজনক আছিল । ফলত সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ দলটো ১৩৮ ৰানতে অল আইট হয় । দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ বেডিংহামে সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আছিল । একে সময়তে অধিনায়ক টেম্বা বাভুমাই ৮৪টা বলত চাৰিটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৬ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে ৬টা উইকেট দখল কৰাৰ বিপৰীতে মিচেল ষ্টাৰ্কে দুটা সফলতা লাভ কৰে ।
উইকেটৰ পতন: ০-১ (এইডেন মাৰ্ক্ৰাম, ০.৬ অভাৰ), ১৯-২ (ৰিয়ান ৰিকেলটন, ৮.৪ অভাৰ), ২৫-৩ (ৱিয়ান মুল্ডাৰ, ১৫.২ অভাৰ), ৩০-৪ (ট্ৰিষ্টান ষ্টাবছ, ২০.২ অভাৰ), ৯৪-৫ (টেম্বা বাভুমা, ৩৯.২ অভাৰ), ১২৬-৬ (কাইল ভেৰিন, ৫১.৩ অভাৰ), ১২৬-৭ (মাৰ্কো জান্সেন, ৫১.৬ অভাৰ), ১৩৫-৮ (ডেভিদ বেডিংহাম, ৫৫.২ অভাৰ), ১৩৮-৯ (কেশৱ মহাৰাজ, ৫৬.৫ অভাৰ), ১৩৮-১০ (কাগিছ’ ৰাবাদা, ৫৭.১ অভাৰ)
ৰাবাডাৰ বিধ্বংসী বলিঙত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ দুদৰ্শা-
টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত ২১২ ৰান সংগ্ৰহ কৰে । বিউ ৱেবষ্টাৰে সৰ্বাধিক ৭২ ৰান সংগ্ৰহ কৰে, য’ত ১১টা চাৰি আছিল । প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে ৬৬ ৰান সংগ্ৰহ কৰে । স্মিথে নিজৰ ইনিংছত ১০টা চাৰি কোবাই । দক্ষিণ আফ্ৰিকাৰ হৈ বেগী বলাৰ কাগিছ’ ৰাবাডাই সৰ্বাধিক ৫টা উইকেট দখল কৰাৰ বিপৰীতে বাওঁহাতৰ পেচাৰ মাৰ্কো জেন্সেনে তিনিটা উইকেট লাভ কৰে । স্পীনাৰ কেশৱ মহাৰাজ আৰু এইডেন মাক্ৰামে এটাকৈ উইকেট দখল কৰে ।
উইকেটৰ পতনঃ ১২-১ (উছমান খোৱাজা, ৬.৩ অভাৰ), ১৬-২ (কেমেৰুন গ্ৰীণ, ৬.৬ অভাৰ), ৪৬-৩ (মাৰ্নাছ লাবুশ্বানে, ১৭.৬ অভাৰ), ৬৭-৪ (ট্ৰেভিছ হেড, ২৩.২ অভাৰ), ১৪৬-৫ (ষ্টিভ স্মিথ, ৪১.৬ অভাৰ), ১৯২-৬ (এলেক্স কেৰী, ৫১.১ অভাৰ), ১৯৯-৭ (পেট কামিন্স, ৫২.৪ অভাৰ), ২১০-৮ (ৱেবষ্টাৰ, ৫৪.৪ অভাৰ), ২১১-৯ (নাথান লায়ন, ৫৫.৫ অভাৰ), ২১২-১০ (মিচেল ষ্টাৰক, ৫৬.৪ অভাৰ)।
টেষ্ট ক্ৰিকেটৰ ইতিহাসত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত ১০১খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত অষ্ট্ৰেলিয়াই ৫৪খন খেলত জয়লাভ কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকাই ২৬খন মেচত জয়লাভ কৰিছে । দুয়োখন দেশৰ মাজত ২১খন খেল ড্ৰ’ত সমাপ্ত হৈছে । অৰ্থাৎ পৰিসংখ্যাৰ ক্ষেত্ৰত কেংগাৰু দলটো আগবাঢ়ি আছে ।
লগতে পঢ়ক : কেৱল পৰাজয়… ২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?