পৃথিৱীৰ আটাইতকৈ ওখ ৬টা প্ৰতিমূৰ্তি
ওখ বস্তুৱে সদায়ে মানুহক আকৰ্ষণ কৰি আহিছে । ইয়াৰ প্ৰমাণ হৈছে ইজিপ্তত হাজাৰ বছৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰাচীন পিৰামিড । মানুহে নিৰ্মাণ কৰি আহিছে ওখ মিনাৰ, ওখ অট্টালিকা আৰু আকাশ চুম্বী প্ৰতিমূৰ্তি । এনে পৰিস্থিতিত পৃথিৱীৰ ৫টা ওখ প্ৰতিমূৰ্তি ক’ত আছে আৰু ইয়াৰ লগত জড়িত কি তথ্যই ইয়াক বিশেষ কৰি তুলিছে জানক ।
ভাৰতত ষ্টেচু অব ইউনিটি-
গুজৰাটৰ নৰ্মদা নদীৰ পাৰত অৱস্থিত ষ্টেচু অৱ ইউনিটি । ই ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি । ইয়াৰ উচ্চতা ৫৯৭ ফুট অৰ্থাৎ ১৮১ মিটাৰ । ই পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি । ই প্ৰায় চাৰিটা ষ্টেচু অৱ লিবাৰ্টিৰ সমান ওখ । ২০১৮ চনত উদ্বোধন কৰা এই প্ৰতিমূৰ্তি চৰ্দাৰ পেটেলৰ সন্মানত নিৰ্মাণ কৰা হৈছে ।
চীনৰ স্প্ৰীং টেম্পলৰ বুদ্ধৰ মূৰ্তি-
চীনৰ স্প্ৰীং টেম্পলৰ ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ প্ৰতিমূৰ্তি । ইয়াৰ উচ্চতা ৪২০ ফুট অৰ্থাৎ ১২৮ মিটাৰ । এই বিশাল তামৰ মূৰ্তিটো নিৰ্মাণ কৰিবলৈ ১১ বছৰ সময় লাগিছিল । ১৯৯৭ চনৰ পৰা ২০০৮ চনলৈকে ইয়াৰ নিৰ্মাণ কাৰ্য চলিছিল । ইয়াৰ পিছত ভাৰতত ষ্টেচু অৱ ইউনিটি নিৰ্মাণ নোহোৱালৈকে প্ৰায় এটা দশক ধৰি ই বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তিৰ খিতাপ অৰ্জন কৰিছিল ।
ইণ্ডোনেছিয়াৰ গৰুড় বিষ্ণু কেনকানা (গৰুড়ৰ ওপৰত বহি থকা ভগৱান বিষ্ণুৰ মূৰ্তি)-
ইণ্ডোনেছিয়াত ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি বিশ্বৰ ১০টা বৃহৎ প্ৰতিমূৰ্তিৰ ভিতৰত অন্যতম । ই হিন্দু দেৱতাৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি হোৱাৰ অভিলোখো অৰ্জন কৰিছে । এই প্ৰতিমূৰ্তি ইণ্ডোনেছিয়াৰ বালিত অৱস্থিত । ইয়াৰ উচ্চতা ৩৯৩ ফুট অৰ্থাৎ ১২০ মিটাৰ উচ্চতা । ১৯৯০ চনত ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল যদিও ২০১৮ চনত উদ্বোধন কৰা হয় । ইয়াৰ ডিজাইনৰ পৰা নিৰ্মাণলৈকে ২৮ বছৰ সময় লাগিছিল ।
জাপানত অৱস্থিত উছিকু দৈবুটছু (ভগৱান বুদ্ধৰ মূৰ্তি)-
বিশ্বৰ চতুৰ্থ সৰ্বোচ্চ মূৰ্তিটো জাপানত অৱস্থিত ভগৱান বুদ্ধৰ । ইয়াৰ নাম উছিকু দৈবুটছু । ই বিশ্বৰ আটাইতকৈ ওখ ব্ৰঞ্জৰ মূৰ্তি । ১৯৯৫ চনত ইয়াৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰা হয় । ইয়াৰ উচ্চতা ১২০ মিটাৰ ।
ম্যানমাৰৰ লেকিউ চেক্যা-
ম্যানমাৰত স্থাপন কৰা এই মূৰ্তিটোও ভগৱান বুদ্ধৰ । ইয়াক নিৰ্মাণ কৰিবলৈও ১২ বছৰ সময় লাগিছিল । ২০০৮ চনত ইয়াক উন্মোচন কৰা হয় । ইয়াৰ উচ্চতা ৩৮০ ফুট অৰ্থাৎ ১১৫ মিটাৰ । এই মূৰ্তিটো ষ্টেচু অৱ লিবাৰ্টিতকৈ প্ৰায় ডেৰ-দুগুণ ওখ আৰু বিশ্বৰ তৃতীয় সৰ্বোচ্চ মূৰ্তি ।
ৰাজস্থানত অৱস্থিত বিশ্বাস স্বৰূপম (ভগৱান শিৱৰ মূৰ্তি)-
ভগৱান শিৱৰ এই প্ৰতিমূৰ্তিটোও বিশ্বৰ ১০টা ওখ প্ৰতিমূৰ্তিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰতৰ ৰাজস্থানত নিৰ্মাণ কৰা হৈছে এই প্ৰতিমূৰ্তি । এই প্ৰতিমূৰ্তিৰ নাম বিশ্বাস স্বৰূপম । ইয়াৰ উচ্চতা ৩৬৯ ফুট অৰ্থাৎ ১১২ মিটাৰ । ৰাজস্থানৰ নাথদ্বাৰাত অৱস্থিত এই প্ৰতিমূৰ্তি ১২ মাইল দূৰৰ পৰা দেখা যায় । ২০২২ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয় ।
লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !