ফেমিনাৰ বেটুপাতত জিলিকিল পেৰাট্ৰুপাৰ মেজৰ ডাঃ দীপান্বিতা কলিতা…
ভাৰতীয় সেনাৰ ইতিহাসত নিজৰ নাম খোদিত কৰিছে এগৰাকী অসম কন্যাই । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ মেজৰ ডাঃ দীপান্বিতা কলিতা ভাৰতীয় সেনাৰ প্ৰথমগৰাকী অসমীয়া মহিলা পেৰাট্ৰুপাৰ হিচাপে পৰিগণিত হৈছে । এই গৌৰৱময় কৃতিত্বৰ লগতে আৰু অধিক যোগ দি বিশ্বৰ অন্যতম জনপ্ৰিয় আৰু বহুল পঠিত আলোচনী ফেমিনা ইণ্ডিয়াৰ স্বাধীনতা দিৱসৰ বিশেষ বেটুপাতত কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ আন আঠগৰাকী ব্যতিক্ৰমী মহিলা বিষয়াৰ সৈতে তেওঁক স্থান দিয়া হৈছে । তেওঁৰ এই সফলতাই পিতৃ-মাতৃৰ লগতে ঢেকীয়াজুলিবাসী তথা ৰাজ্যবাসীক গৌৰাৱান্বিত কৰি তুলিছে ।
আগ্ৰাৰ সেনা চাউনীত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত পেৰাট্ৰুপাৰ বেজ লাভ কৰিছিল দীপান্বিতাই । ঢেকিয়াজুলিৰ দেৱেন্দ্ৰ গ্ৰীণ গ্ৰ’ভ ইংৰাজী বিদ্যালয়ৰ পৰা আৰম্ভ হৈছিল তেওঁৰ শৈক্ষিক যাত্ৰা । ২০০৫ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ ২০০৭ চনত দৰং কলেজৰ পৰা উচ্চতৰ মাধ্যমিক (বিজ্ঞান) সুখ্যাতিৰে সম্পূৰ্ণ উত্তীৰ্ণ হয় তেওঁ । পিছলৈ ফিলিপাইনছৰ মেনিলাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰে তেওঁ । ২০১৩ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰি ২০১৫ চনত নতুন দিল্লীৰ এইমছত ইন্টাৰশ্বিপ সম্পূৰ্ণ কৰে দীপান্বিতাই ।
ইন্টাৰ্ণশ্বিপৰ পিছত ডাঃ দীপান্বিতাই নতুন দিল্লীৰ দীন দয়াল হাস্পতালত সেৱা আগবঢ়ায় । ২০১৯ চনত মহাৰাষ্ট্ৰৰ নাগপুৰৰ আৰ্মি মেডিকেল কৰ্পছৰ বিষয়া ডাঃ চৰং মেটেৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেওঁ । ২০২০ চনত তেওঁৰ ভাৰতীয় সেনাবাহিনীৰ কেপ্তেইন (চিকিৎসা বিষয়া) পদৰ বাবে দেশজুৰি ১০০ৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হৈছিল ।
প্ৰথম পোষ্টিং আছিল নাগালেণ্ডৰ ডিমাপুৰত, তাৰ পিছত লক্ষ্ণৌত তিনিমাহৰ প্ৰশিক্ষণত আছিল তেওঁ । ইয়াৰ পিছত কামাণ্ডো আৰু পেৰাট্ৰুপাৰ প্ৰশিক্ষণৰ বাবে আগ্ৰালৈ পঠিওৱা হয়, যিটো ২০২৩ চনত সফলতাৰে সম্পূৰ্ণ কৰে আৰু অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাবে পৰিগণিত হয় দীপান্বিতা কলিতা ।
এতিয়া মেজৰ পদবীলৈ উন্নীত হোৱা ডাঃ দীপান্বিতা কলিতাই ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আগ্ৰা সেনা ঘাটিত নিযুক্তি লাভ কৰিছে ।“ভাৰতীয় সেনাৰ যোদ্ধা মহিলা” হিচাপে স্বীকৃতি পোৱা তেওঁৰ প্ৰফাইল ফেমিনাৰ ২০২৫ চনৰ আগষ্ট মাহৰ সংখ্যাত দেশৰ শীৰ্ষ মহিলা বিষয়াসকলৰ মাজত বিশিষ্টভাৱে উল্লেখ কৰা হৈছে । তেওঁৰ এই সাফল্য সমগ্ৰ ঢেকীয়াজুলিৰ লগতে সমগ্ৰ অসমতৰ বাবে অপৰিসীম গৌৰৱৰ মুহূৰ্ত আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে গণ্য কৰা হৈছে ।
লগতে পঢ়ক : অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ বায়ুসেনাৰ মুৰব্বী