ভাৰত ইংলেণ্ডৰ দ্বিতীয়খন টেষ্ট মেচ
ভাৰতীয় দলটো বৰ্তমান ইংলেণ্ড ভ্ৰমণত আছে।অৱশ্যে প্ৰথমখন টেষ্ট মেচত পৰাজয়ৰ সন্মুখীন হয় টিম ইণ্ডিয়া। লিডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত ইংলেণ্ডে ভাৰতক ৫ উইকেটত পৰাস্ত কৰে।
এতিয়া দুয়োটা দলৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ক’ত অনুষ্ঠিত হ’ব তাকে লৈ সকলোয়ে ৰৈ আছে। দ্বিতীয়খন টেষ্ট মেচ ২ জুলাইৰ পৰা ৬ জুলাইলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব।
ভাৰতীয় সময় অনুসৰি মেচখন বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব। বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব খেলখনৰ টছ। পাঁচখন খেলৰ টেষ্ট শৃংখলাত বৰ্তমানলৈকে ১-০ত আগবাঢ়ি আছে আয়োজক ইংলেণ্ড।
এনে পৰিস্থিতিত এতিয়া টিম ইণ্ডিয়াই যিকোনো মূল্যৰ বিনিময়ত দ্বিতীয়খন টেষ্ট মেচত জয়লাভ কৰি শৃংখলাত পুনৰ আগমন ঘটাব বিচাৰিব।
প্ৰথমখন টেষ্টত ফ্লপ হ’ল বলাৰসকল
লিডছত খেলা প্ৰথমখন টেষ্ট মেচৰ কথা ক’বলৈ গ’লে বেটছমেনসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যদিও ভাৰতীয় বলাৰসকলে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলে।
প্ৰথম ইনিংছত যশপ্ৰীত বুমৰাহে দ্বিতীয় ইনিংছত বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে। মাত্ৰ ৫টা উইকেট হেৰুৱাই ৩৭১ ৰানৰ বিশাল লক্ষ্য অৰ্জন কৰি অন্তিম দিনা খেলখনত জয়লাভ কৰে ইংলেণ্ডে।
প্ৰথম টেষ্টত ভাৰতৰ হৈ মুঠ পাঁচটা শতক অৰ্জন কৰে। উইকেটকীপাৰ বেটছমেন ঋষভ পন্তই দুয়োটা ইনিংছতে শতক অৰ্জন কৰে।
ইয়াৰ লগে লগে তেওঁ বিদেশত দুয়োটা ইনিংছতে শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় উইকেটকীপাৰ-বেটছমেন হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও কে এল ৰাহুল আৰু অধিনায়ক শুভমান গীলেও শতক অৰ্জন কৰে।
এই টেষ্ট মেচত প্ৰথম খেলাৰ পাছত ভাৰতীয় দলটোৱে ৪৭১ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ প্রথম ইনিংছত যশস্বী জয়ছৱালে ১০১ ৰান, শুভমান গীলে ১৪৭ ৰান আৰু ঋষভ পন্তই ১৩৪ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পিছত ইংলেণ্ড দলটোৱে প্ৰথম ইনিংছত ৪৬৫ ৰান সংগ্ৰহ কৰে। দলটোৰ অলি পোপে ১০৬ ৰান আৰু হেৰী ব্ৰুক ৯৯ ৰান সংগ্ৰহ কৰে।
তাৰ পাছত দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াই ৩৬৪ ৰান সংগ্ৰহ কৰি ৩৭১ ৰানৰ লক্ষ্য ব্ৰিটিছক দিয়ে। এইবাৰ ভাৰতৰ হৈ কে এল ৰাহুলে ১৩৭ ৰান আৰু ঋষভ পণ্টে ১১৮ ৰান সংগ্ৰহ কৰে।
অৰ্থাৎ পণ্টে দুয়োটা ইনিংছতে শতক অৰ্জন কৰে। এতিয়া ইংলেণ্ডৰ লক্ষ্য আছিল ৩৭১ ৰান, যিটো ব্ৰিটিছে সহজেই লাভ কৰিছিল।
ইংলেণ্ডৰ হৈ বেন ডাকেটে ১৪৯ ৰান, জেক ক্ৰ’লিয়ে ৬৫ আৰু জো ৰুটে অপৰাজিত ৫৩ ৰান সংগ্ৰহ কৰে।উইকেটকীপাৰ বেটছমেন জেমী স্মিথে ৪৪ ৰানত অপৰাজিত হৈ থাকে।
লগতে পঢ়ক: গল্ডেন বয় নীৰজ চোপ্ৰাৰ আন এক অভিলেখ; অষ্ট্ৰাভা গোল্ডেন স্পাইকত স্বৰ্ণ পদক অৰ্জন