কল খোৱাৰ পিছত ভূলটো নকৰিবৰ এই কাম
সুস্থ হৈ থাকিবলৈ দৈনিক ফলমূল খোৱাটো বাঞ্ছনীয়।ফলৰ ৰজা যদিও আম কিন্তু কল আন ফলতকৈ কম নহয়।
প্ৰতিটো ঋতুতে পোৱা এই ফলৰ দাম অতি কম যদিও গুণেৰে ভৰপূৰ।কলত বহুতো ভিটামিন, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদানৰে ভৰপূৰ।
প্ৰতিদিনে এটা কল খালে শৰীৰত বহু উপকাৰ পোৱা যায়। তৎক্ষণাত শক্তিৰ প্ৰয়োজন হ’লে এই ফল খাব লাগে।শৰীৰ শক্তিশালী কৰিব বিচাৰিলে ইয়াক খাব পাৰে।
কিন্তু সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে এই ফল খালেহে এই সকলোবোৰ সুবিধা সম্পূৰ্ণৰূপে উপলব্ধ। এই ফল খোৱাৰ পিছত যদি এইবোৰ কাম কৰে তেন্তে অসুবিধাৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।
ফল খোৱাৰ পিছত কিছু সময়ৰ বাবে আন বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে। কিছুমান মানুহৰ যিকোনো বস্তু খোৱাৰ লগে লগে পানী খোৱাৰ অভ্যাস থাকে।
যদি আপুনিও এই কাম কৰে তেন্তে এই অভ্যাসটো তৎক্ষণাত সলনি কৰক। বিশেষকৈ এই ফল খোৱাৰ পিছত বেছি সময় পানী খাব নালাগে।
ফল খোৱাৰ লগে লগে পানী খাব নালাগে
আয়ুৰ্বেদত কল খোৱাৰ পিছত পানী নোখোৱাটো বাঞ্ছনীয় বুলি কৈছে। কাৰণ এই ফল হজম হ’বলৈ বহু সময় লাগে। এই ফল খোৱাৰ পিছত পানী খালে গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এই ফল খোৱাৰ লগে লগে পানী সেৱন কৰিলে চৰ্দি, ফ্লু আৰু কাহ হ’ব পাৰে।এনে কৰিলে কিছুমান মানুহৰ এলাৰ্জীৰ সমস্যাও হ’ব পাৰে।
এই ফল খোৱাৰ পিছত পানী খালে শৰীৰত ইনচুলিনৰ পৰিমাণ বৃদ্ধি পায়। তেজৰ চেনি বৃদ্ধিৰ সমস্যাই অসুবিধাজনক হ’ব পাৰে।
খোৱাৰ কিমান সময়ৰ পিছত পানী খাব লাগে
ফল খোৱাৰ প্ৰায় ১ ঘণ্টা পিছতহে পানী খাব লাগে। ফল খোৱাৰ পিছত যিকোনো তৰল পদাৰ্থ ১ ঘণ্টাৰ পিছতহে সেৱন কৰিব লাগে।আন ফলৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য। গতিকে ইয়াৰ বিশেষ যত্ন লওক।
কি নাখাব
ইয়াৰ লগত গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী যেনে মাখন আৰু দৈ সেৱন নকৰিব। ইয়াৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰে।
এই ফলৰ লগত মৌ আৰু ঘিউ খোৱাৰ পৰাও বিৰত থাকিব লাগে। কল আৰু কণী একেলগে খাব নালাগে। ইয়াৰ ফলত গৰম আৰু ঠাণ্ডা সৃষ্টি কৰি শৰীৰৰ ক্ষতি হব পাৰে।
লগতে পঢ়ক: ‘কথা-বতৰাৰ বাবে সময় পাৰ হ’ল, অহা সপ্তাহত ডাঙৰ কিবা এটা হ’ব’; ট্ৰাম্পৰ ৰহস্যজনক সতৰ্কবাণী