কাৰমান লাইন কি
কোনোবা নহয় কোনোবা সময়ত এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহে যে পৃথিৱীৰ অন্ত ক’ত বা সেই স্থান কোনটো যৰ পৰা মহাকাশ আৰম্ভ হয় । আপুনি জানেনে যে, এডাল কাল্পনিক ৰেখা আছে য’ত আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ অন্ত পৰে । এই স্থান কোনো ধৰণৰ দেৱাল নহয় বৰঞ্চ বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা এক সীমা যিয়ে মহাকাশ ক’ৰ পৰা আৰম্ভ হয় সেই কথা বুজাই । এই ৰেখাডাল পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ কাল্পনিক ৰেখা, য’ৰ পৰা মহাকাশৰ জগতখন আৰম্ভ হয় ।
কি এই এই লাইন ?
বিজ্ঞানীসকলে যিটো সীমা নিৰ্ধাৰণ কৰিছে তাৰ নাম কাৰমান লাইন বা ৰেখা । এই ঠাই সম্পূৰ্ণ বায়ুহীন কিয়নো পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত এই ঠাই । ইয়াৰ নাম হাংগেৰী-আমেৰিকান অভিযন্তা থিয়ডৰ ভন কাৰ্মানৰ নামেৰে ৰখা হৈছে এই ৰেখাৰ নাম ।
কি আছিল বিজ্ঞানীসকলৰ গণনা ?
১৯৫০ চনত বিজ্ঞানীসকলে তেওঁলোকৰ গণনাৰ জৰিয়তে জানিব পাৰিছিল যে পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ ওপৰত বায়ুৰ এক অতি পাতল তৰপ আছে য’ত কোনো বিমানে ডেউকা মেলি উৰিব নোৱাৰে । উৰণৰ কথা বাদ দিয়ক, এই ঠাইত উশাহ ল’বও নোৱাৰে । এই ৰেখাডাল পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ এক কাল্পনিক ৰেখা, য’ৰ পৰা ৰহস্যৰে ভৰা মহাকাশৰ জগত আৰম্ভ হয় ।
এই কাল্পনিক ৰেখাৰ বাহিৰত কি আছে ?
পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত এই ৰেখাক কাৰমান লাইন বা ৰেখা বোলা হয় । কাৰমান লাইনত বায়ুৰ উপস্থিতি প্ৰায় শূণ্য আৰু কোনো ধৰণৰ ঘৰ্ষণ নাথাকে, গতিকে ৰকেটে তীব্ৰ বেগত উৰিব পাৰে । কিন্তু এই স্থানত বিকিৰণ আৰু উষ্ণতাৰ উঠা-নমা হয়, যাৰ বাবে ই অতি বিপজ্জনক হৈ পৰে । কাৰমান লাইন হৈছে এক কাল্পনিক গোলক যিয়ে সমগ্ৰ পৃথিৱীখনক চাৰিওফালৰ পৰা আগুৰি ধৰিছে । আমেৰিকাৰ বায়ুসেনাই ইয়াক ৮০ কিলোমিটাৰ বুলি গণ্য কৰে যদিও আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ১০০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে ।
লগতে পঢ়ক : ভাৰতীয় নৌসেনাই লাভ কৰিলে মেড-ইন-ইণ্ডিয়া থ্ৰীডি চাৰ্ভিলেন্স ৰাডাৰ; বতাহতে শত্ৰুক কৰিব ধ্বংস