চুলিত তেল প্ৰয়োগ নকৰিলে কি হয়?
চুলিত তেল প্ৰয়োগ কৰাটো সুস্থ আৰু মজবুত চুলিৰ বাবে এক অপৰিহাৰ্য পদক্ষেপ। কোনো কোনোৱে দৈনিক চুলিত তেল প্ৰয়োগ কৰে, আন কোনোৱে সপ্তাহত এবাৰ বা দুবাৰ তেল দিয়ে, আনহাতে কিছুমানে চুলিত তেল লগোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।
যোৱা কেইবছৰমানৰ পৰা চুলিত তেল নিদিয়াৰ ট্ৰেণ্ড বাঢ়িছে।বিশেষকৈ নূন্যতম চুলিৰ যত্নৰ ৰুটিন অনুসৰণ কৰা সকলৰ মাজত।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে চুলিত তেল লগোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিলে কি হ’ব? তেলে সঁচাকৈয়ে আপোনাৰ চুলিখিনি ভাল কৰিবনে, ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে নেকি? যিটো আপুনি ভবাই নাই।
চুলিত তেল প্ৰয়োগ নকৰিলে চুলি আৰু মূৰৰ ছালৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।ইয়াৰ বাবে চুলিবোৰ শুকান আৰু নিৰ্জীৱ হৈ পৰে আৰু সহজে ভাঙিবলৈ আৰম্ভ কৰে।
চুলিৰ স্বাভাৱিক জিলিকনি হেৰুৱাবলৈ আৰম্ভ কৰে।তেলে চুলিত প্ৰয়োজনীয় ফেটি এচিড, ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰে।
এই পুষ্টিকৰ উপাদানসমূহ অবিহনে চুলি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত চুলি পাতল হোৱা আৰু চুলি ফাটি যোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱে চুলিৰ বৃদ্ধি লেহেমীয়া কৰিব পাৰে। তেল নাথাকিলে মূৰৰ ছাল শুকান হৈ পৰিব পাৰে, যাৰ ফলত মূৰৰ ৰোগ আৰু চুলিৰ বৃদ্ধি স্তব্ধ হৈ পৰে।
তেল লগালে চুলিৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে, গতিকে চুলি শুকান আৰু নিৰ্জীৱ হৈ নাযায়।ই আমাৰ চুলিত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে, যাৰ ফলত চুলি মজবুত হয়।
নিয়মিত তেল লগালে মূৰৰ ছালখন সুস্থ আৰু পুষ্টিকৰ হৈ থাকে, যাৰ ফলত উফি আৰু খজুৱতিৰ দৰে সমস্যা ৰোধ হয়।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: ৪০ ৰ পিছত মহিলাসকলে অন্তৰ্ভুক্ত কৰিব লাগে এইসমূহ খাদ্য; দীৰ্ঘদিন ধৰি থাকিব ফিট