বৰ্তমানৰ ব্যস্ত জীৱনত প্ৰতিজন ব্যক্তিয়ে কিবা নহয় কিবা এটা মানসিক সমস্যাৰ সৈতে যুঁজি আছে । কিছু লোক হতাশাত ভুগিছে, আন একাংশই উদ্বেগ বা অতিমাত্ৰা চিন্তাত ভুগিছে । কেৰিয়াৰৰ পৰা পৰিয়াল, সংগী, ভৱিষ্যতলৈকে প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত কিবা নহয় কিবা এটা মানসিক চাপৰ সন্মুখীন হয় । ইয়াৰ বাবে আমি জানি বা অজানিতে যিকোনো এটা বিষয়ত অত্যধিক চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ । বেছি চিন্তা কৰিলে ভাগৰুৱা, টোপনিৰ সমস্যা, হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে । দীৰ্ঘম্যাদীভাৱে ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
টোপনিৰ সমস্যা-
বেছি চিন্তা কৰা লোকসকলৰ টোপনিৰ লগত জড়িত সমস্যা হ’বলৈ আৰম্ভ কৰে । প্ৰায়ে ৰাতি ভালদৰে শুব নোৱাৰে । চিন্তাৰ বাবে তেওঁলোকৰ মনটো অহৰহ সক্ৰিয় হৈ থাকে আৰু তেওঁলোকে ভাবি থাকে “এইটো কিয়, কেনেকৈ হ’ল ?” ইয়াৰ বাবে শৰীৰ আৰু মনটোৱে জিৰণি নাপায়, টোপনিৰ মান অৱনতি ঘটে আৰু অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি হয় । ইয়াৰ বাবে ব্যক্তিজন ভাগৰুৱা, খিংখিঙীয়া, অলস্য আৰু একাগ্ৰতাৰ অভাৱ অনুভৱ কৰে । ইয়াৰ পৰা হাত সাৰিবলৈ শুবলৈ যোৱাৰ পূৰ্বে স্ক্ৰীণৰ সময় কমাব লাগে । ধ্যান আৰু গভীৰ উশাহ-নিশাহৰ ব্যায়ামো কৰিব পাৰে ।
মানসিক চাপৰ হৰম’ন বৃদ্ধি-
যেতিয়া নেতিবাচক চিন্তাবোৰ মনৰ মাজেৰে অবিৰতভাৱে চলি থাকে তেতিয়া শৰীৰত কৰ্টিছল নামৰ এটা মানসিক চাপৰ হৰম’ন বৃদ্ধি পাবলৈ আৰম্ভ কৰে । এই কৰ্টিছলে শৰীৰক সতৰ্ক অৱস্থাত ৰাখে, যাৰ ফলত দীৰ্ঘকালীনভাৱে শৰীৰৰ ক্ষতি হ’ব পাৰে । ইয়াৰ বাবে উচ্চ ৰক্তচাপ, হৃদৰোগৰ আশংকা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ওজন বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ মুকলি আকাশৰ তলত খোজ কাঢ়িব, যোগাসন আৰু ধ্যান কৰিব, কুহুমীয়া পানী বা বনৌষধি চাহ খাব পাৰে ।
পাচনতন্ত্ৰৰ ওপৰত প্ৰভাৱ-
বেছি চিন্তা কৰিলে হজম শক্তিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে । আচলতে যেতিয়া আপুনি অবিৰতভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে তেতিয়া শৰীৰৰ ‘ফাইট আৰু ফ্লাইট’ প্ৰতিক্ৰিয়া সক্ৰিয় হৈ পৰে । এনে অৱস্থাত শৰীৰে হজম শক্তিৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ লেহেমীয়া কৰে । গতিকে বেছি চিন্তা কৰিলে এচিডিটি, গেছ, বদহজম বা কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে । এনে অৱস্থাত পেটত গধুৰতা, ভোক কমি যোৱা, বমি হোৱা আদি অনুভৱ কৰিব পাৰে । গতিকে এজন ব্যক্তিয়ে লঘু আৰু ভাৰসাম্যপূৰ্ণ খাদ্য গ্ৰহণ কৰিব লাগে, ফোন আৰু টিভিৰ পৰা আঁতৰি থাকিব লাগে, লগতে খাদ্য খোৱাৰ সময়ত মনটোক শান্ত কৰি ৰাখিবলৈও চেষ্টা কৰিব লাগে ।
মানসিক চাপ আৰু ভাগৰুৱা-
অত্যধিক চিন্তা কৰিলে মনটোৱেই নহয় শৰীৰটোৱেও ভাগৰুৱা অনুভৱ কৰে । অনবৰতে চিন্তা কৰিলে শৰীৰত মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হয়, যাৰ ফলত ডিঙি, কান্ধ, পিঠি আৰু গাঁঠিৰ পেশীবোৰ টান আৰু বিষ হয় । এনে পৰিস্থিতিত নিয়মীয়াকৈ ষ্ট্ৰেইটনিং কৰক, গৰম পানীৰে গা ধুৱক, মালিচ বা এৰোমা থেৰাপী লওক ।