পশ্চিম বংগ কেতিয়াও বিজেপিৰ অধিনলৈ নাযায়
মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিয়ে অপাৰেচন সিন্দূৰক লৈ ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে এইটো ভুল।ৰাজনৈতিক আকৰ্ষণ বৃদ্ধিৰ বাবে অপাৰেচন সিন্দূৰ নামটো ৰখা হৈছে।
তেওঁ লগতে কয় যে অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিৰোধীয়ে মোডী চৰকাৰক সমৰ্থন কৰিছে।বিদেশলৈ যোৱা বিৰোধী প্ৰতিনিধিসকলৰ কণ্ঠ যথেষ্ট তীব্ৰ হৈ পৰিছে।
কিন্তু ইয়াত বিজেপিয়ে ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰিছে।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ কয় যে, বংগ কেতিয়াও বিজেপিলৈ নাযায়। নবন্নাত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে।
মুৰ্ছিদাবাদৰ ঘটনাৰ বাবে দায়ী বিজেপি
মমতা বেনাৰ্জীয়ে মুৰ্ছিদাবাদৰ ঘটনাৰ বাবে ভাৰতীয় জনতা পাৰ্টিক জগৰীয়া কৰে।ইয়াৰ প্ৰমাণ তেওঁৰ হাতত আছে আৰু নথি-পত্ৰৰ প্ৰয়োজন হ’লে প্ৰদান কৰিব বুলিও তেওঁ কয়।
আলিপুৰদুৱাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা সভাকো লক্ষ্য কৰি তেওঁ কয় যে এই কাৰ্যসূচীলৈ অসম আৰু কুচবিহাৰৰ পৰা মানুহ অনা হৈছিল।
মমতা বেনাৰ্জীয়ে পি এম মোদীক তীব্ৰ সমালোচনা কৰি কয় যে এটা সময়ত তেওঁক চাহ বিক্ৰেতা বুলি কোৱা হৈছিল।তাৰ পিছত তেওঁক চৌকিদাৰ বুলিও কোৱা হ’ল।
এতিয়া প্ৰধানমন্ত্ৰী গৰাকীয়ে সেন্দূৰ বিক্ৰীৰ কথা কৈছে।কেৱল পশ্চিম বংগতে নহয়, তেওঁ সকলোতে সেন্দূৰ বিক্ৰী কৰি আছে। এনে হ’ব নালাগে।
লগতে পঢ়ক:‘এদিন হ’লেও ভাৰতৰ অংশ হ’ব POK…’; প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য