হ্ৰাস কৰিব বিচাৰিছে নেকি ওজন?
এবাৰ সিদ্ধান্ত ল’লেই ইয়াত উপনিত হোৱাত বহুতো সহজ উপায় আছে। ওজন কম কৰাত আপোনাৰ কেলৰি গ্ৰহণ কৰাটো আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে।
গোটেই দিনটোত আপুনি কিমান কেলৰি সেৱন কৰে আৰু কিমান কেলৰি জ্বলায়, সেইটোৱেই আপোনাৰ মেদবহুলতা বা ওজন নিৰ্ণয় কৰে।
কেনেকৈ হ্ৰাস কৰিব পাৰি কেলৰি?
কম কেলৰিযুক্ত খাদ্য– মেদবহুলতা হ্ৰাস কৰিবলৈ কম কেলৰিযুক্ত খাদ্যলৈ সলনি হওক।ক্ৰীমৰ সলনি গ্ৰীক দৈ, সম্পূৰ্ণ চৰ্বিৰ সলনি কম চৰ্বিযুক্ত কটেজ চীজ ব্যৱহাৰ কৰক, আৰু জুচ বা চ’ডাৰ সলনি ইনফিউজড পানী বা চ’ডা পানী খাব লাগে।
লাহে লাহে চোবাব– খাদ্য খোৱাৰ সময়ত ২০ মিনিটৰ নিয়ম মানি চলক। লাহে লাহে খাদ্য খোৱা আৰু সঠিকভাৱে চোবাই খালে কম খোৱাৰ পিছতো পেট ভৰিব লাগিব।
সেউজীয়া সাক-পাচলি বেছিকৈ খাব– খাদ্য খোৱাৰ সময়ত প্লেটখনত সেউজীয়া সাক-পাচলিৰ মাত্ৰা বেছিকৈ ৰাখিব। ফাইবাৰে আপোনাক অধিক সময়ৰ বাবে ভৰপূৰ কৰি ৰাখে আৰু অধিক ৰুটি, ভাত বা পাস্তা খাবলৈ বাধা দিয়ে।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: মুখৰ বাবে অতি উপকাৰী দৈ; মাত্ৰ ১০ দিনতে পাব ফলাফল