বেংগালুৰুৰ পদপিষ্টৰ ঘটনা
৪ জুন, বুধবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ঐতিহাসিক বিজয় উদযাপন শোকলৈ পৰিণত হয় । এই কৰুণ ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয় । এই ঘটনা সন্দৰ্ভত আৰ চি বিৰ প্ৰবীণ খেলুৱৈ তথা ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছে । কোহলীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ইনষ্টাগ্ৰামত আৰ চি বি ফ্ৰেঞ্চাইজিৰ আনুষ্ঠানিক বিবৃতি পোষ্ট কৰি শোক প্ৰকাশ কৰে ।
বেংগালুৰুৰ পদপিষ্টৰ ঘটনা-
কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আৰ চি বি ফ্ৰেঞ্চাইজিৰ আনুষ্ঠানিক বিবৃতি পোষ্ট কৰি কেপচনত লিখিছে, ‘মোৰ ক’বলৈ শব্দ নাই । মই সম্পূৰ্ণ ভাঙি পৰিছো ।’ বিৰাট কোহলীৰ এই চুটি কিন্তু গভীৰ বাৰ্তাই তেওঁৰ হৃদয়ৰ যন্ত্ৰণা আৰু এই কৰুণ ঘটনাৰ প্ৰতি তেওঁৰ সংবেদনশীলতাক প্ৰতিফলিত কৰিছে । এনেদৰে আৰ চি বিৰ ঐতিহাসিক বিজয় উদযাপন কৰিবলৈ অহা অনুৰাগীয়ে প্ৰাণ হেৰুওৱাত খেলুৱৈ আৰু দল পৰিচালনা সকলো স্তম্ভিত হৈ পৰিছে । কোহলীৰ এই পোষ্টটোত এজন অনুৰাগীয়ে লিখিছে, ‘আমি প্ৰকৃত অনুৰাগী হেৰুৱালোঁ ।’
আৰ চি বি ফ্ৰেঞ্চাইজিয়েও প্ৰকাশ কৰিলে শোক-
আৰ চি বিয়েও এই ঘটনাৰ পিছত আনুষ্ঠানিক বিবৃতি জাৰি কৰি শোক প্ৰকাশ কৰে । দলটোৱে কয় যে, ‘সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে পোহৰলৈ অহা দুৰ্ভাগ্যজনক ঘটনাৰ বাবে আমি গভীৰভাৱে দুখী আৰু তেওঁলোকে সকলো নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলিছিল ।’ পৰিস্থিতিৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁলোকে নিজৰ সময়সূচী সংশোধন কৰি প্ৰশাসনৰ পৰামৰ্শ মানি চলা বুলিও স্পষ্ট কৰি দিয়ে ।
এই ঘটনা আৰু অধিক মৰ্মান্তিক কাৰণ ১৮ বছৰৰ দীৰ্ঘ অপেক্ষাৰ অন্তত আৰ চি বিয়ে প্ৰথমটো আই পি এল খিতাপ দখল কৰিছিল আৰু এই ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰিবলৈ বৃহৎ সংখ্যক অনুৰাগীৰ সমাগম হৈছিল । কিন্তু ব্যাপক ভিৰৰ মাজত পদপিষ্টৰ ঘটনা সংঘটিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শচীন তেণ্ডুলকাৰ, হৰভজন সিঙকে ধৰি অন্যান্য ক্ৰীড়া তাৰকাসকলেও এই কৰুণ ঘটনাত শোক প্ৰকাশ কৰিছে । কৰ্ণাটক চৰকাৰে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে ।
লগতে পঢ়ক : RCB ৰ বিজয় পেৰেডত ভয়ংকৰ ঘটনা; পদপৃষ্ট হৈ ১০জনৰ মৃত্যু