প্ৰবীণ অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু
দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হায়দৰাবাদৰ জুবিলী হিলছত থকা নিজ বাসগৃহত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেলেগু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা কোটা শ্ৰীনিবাস ৰাওয়ে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৩ বছৰ । অভিনেতা গৰাকীয়ে মাত্ৰ ২ দিন পূৰ্বে ৮৩ সংখ্যক জন্মদিন পালন কৰিছিল ।
খবৰ অনুসৰি, কোটা শ্ৰীনিবাস ৰাও বিগত কিছুদিন বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছিল । তেওঁৰ মৃত্যু চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি ।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । এক্সত তেওঁ লিখিছে- বহুমুখী চৰিত্ৰৰে দৰ্শকৰ হৃদয় জয় কৰা বিখ্যাত অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু অত্যন্ত দুখজনক । তেওঁৰ কলাত্মক অৱদান আৰু প্ৰায় ৪ দশকত চিনেমা আৰু ভ্ৰাম্যমাণৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অবিস্মৰণীয় হৈ থাকিব । এজন খলনায়ক আৰু চৰিত্ৰ শিল্পী হিচাপে তেওঁ অভিনয় কৰা অগণন স্মৰণীয় ভূমিকা তেলেগু দৰ্শকৰ হৃদয়ত সদায় জীয়াই থাকিব । তেওঁৰ মৃত্যু তেলেগু চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি । ১৯৯৯ চনত বিজয়াৱাড়াৰ পৰা বিধায়ক হিচাপে বিজয়ী হৈ জনসাধাৰণৰ সেৱা কৰিছিল । তেওঁৰ পৰিয়ালৰ সদস্যসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।’
১৯৪২ চনত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাৰ কাংকিপাডুত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে । ১৯৭৮ চনত ‘প্ৰণম খাৰিডু’ ছবিৰ জৰিয়তে তেওঁ নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল । চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ তেলেগু, তামিল, কানাড়া আৰু হিন্দীকে ধৰি ৭৫০খনতকৈও অধিক ছবিত কাম কৰিছিল । তেওঁ নিজৰ কেৰিয়াৰত সকলো ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁ নিজৰ উৎকৃষ্ট অভিনয়েৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল ।
ভাৰতীয় চিনেমালৈ আগবঢ়োৱা বিপুল অৱদানৰ বাবে ২০১৫ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল তেওঁ । ইয়াৰ উপৰিও তেওঁ আন বহুতো বঁটাও লাভ কৰিছিল ।
অভিনয়ৰ উপৰিও তেওঁ ৰাজনীতিতো সক্ৰিয় আছিল । ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বিজয়ৱাড়া পূৱ বিধানসভাৰ পৰা বিজেপি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।
লগতে পঢ়ক : “মোৰ মা…”; কণ্ঠশিল্পী আশা ভোছলেৰ মৃত্যুৰ উৰাবাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ…