ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ফোনত বাৰ্তালাপ কৰে । তেওঁ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । আইনী উপায়েৰে এই আক্ৰমণৰ জবাবদিহিতা নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয় । ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।
মঙলবাৰে নিয়মীয়া সংবাদমেলত গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে আজি পুৱা সচিব প্ৰধানে কৰা কিছুমান ফোন কলৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছো । গুটেৰেছে পৃথক পৃথক ফোনযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বাৰ্তালাপ কৰে । ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ কথা পুনৰ উল্লেখ কৰে সচিব প্ৰধানগৰাকীয়ে । এই আক্ৰমণৰ ন্যায় আৰু জবাবদিহিতা আইনী উপায়েৰে সুনিশ্চিত কৰিব লাগিব বুলিও তেওঁ কয় ।
তেওঁ কয়, গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি জোৰ দি কয় যে যিকোনো ধৰণৰ সংঘাতৰ পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ গুৰুতৰ পৰিণতি হ’ব পাৰে । সচিব প্ৰধানগৰাকীয়ে উত্তেজনা হ্ৰাস কৰাৰ যিকোনো প্ৰচেষ্টাত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে বুলি ডুজাৰিকে কয় ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশনৰ সভাপতি ফিলিমন ইয়াঙেও ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ গভীৰভাৱে উদ্বিগ্ন বুলি সাধাৰণ পৰিষদৰ মুখপাত্ৰ শ্বেৰন বাৰ্চে প্ৰকাশ কৰে । জম্মু-কাশ্মীৰ আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰি য়াঙে কয় যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু কোনো কাৰণতে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি । তেওঁ দুয়োখন দেশক সংযম প্ৰয়োগ কৰি কূটনৈতিক উপায়েৰে বিবাদ নিষ্পত্তি কৰিবলৈ আহ্বান জনায় ।