UGC NET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই । নেটৰ ডিচেম্বৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব বিচৰা যিকোনো ছাত্ৰ-ছাত্ৰীয়ে অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ UGC NET 2024 পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব । UGC NET 2024 ডিচেম্বৰ পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰাৰ শেষ তাৰিখ ১০ ডিচেম্বৰ ২০২৪ । আনহাতে UGC NET ২০২৪ পৰীক্ষাৰ মাচুল ২০২৪ চনৰ ১১ ডিচেম্বৰৰ নিশা ১১.৫০ বজালৈকে দিব পাৰিব । UGC NET December ২০২৪ অনলাইন আবেদন প্ৰ-পত্ৰত শুধৰণি ২০২৪ চনৰ ১২ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১৩ ডিচেম্বৰলৈ নিশা ১১.৫০ বজালৈকে কৰিব পাৰিব ।
প্ৰাৰ্থীসকলে কেৱল ugcnet.nta.ac.in ৱেবছাইটৰ জৰিয়তেহে “অনলাইন” মোডৰ জৰিয়তে ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ বাবে আবেদন কৰিব পাৰিব । আন কোনো ধৰণৰ আবেদন প্ৰ-পত্ৰ গ্ৰহণ কৰা নহ’ব । আনহাতে প্ৰাৰ্থীয়ে এটাতকৈ অধিক আবেদন পত্ৰ পূৰণ কৰিব নোৱাৰিব ।
গুৰুত্বপূৰ্ণ তাৰিখ-
ইউ জি চি নেট ২০২৪ ডিচেম্বৰ অনলাইন আবেদন আৰম্ভ : ১৯ নৱেম্বৰ ২০২৪
ইউ জি চি নেট ২০২৪ ডিচেম্বৰ অনলাইন আবেদন শেষ তাৰিখ : ১০ ডিচেম্বৰ ২০২৪ৰ পৰা নিশা ১১.৫০ বজালৈকে
ইউ জি চি নেট ২০২৪ আবেদন প্ৰ-পত্ৰত শুধৰণি : ১২ ডিচেম্বৰ ২০২৪ৰ পৰা ১৩ ডিচেম্বৰ ২০২৪ৰ পৰা ১১.৫০ বজালৈকে
ইউ জি চি নেট ২০২৪ ডিচেম্বৰ পৰীক্ষাৰ তাৰিখ : ১ জানুৱাৰী ২০২৫ৰ পৰা ১৯ জানুৱাৰী ২০২৫লৈ
১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব পৰীক্ষা-
ডিচেম্বৰ অধিবেশনৰ বাবে UGC NET exam ২০২৪ এইবাৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’ব । ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ১৯ জানুৱাৰীলৈ UGC NET ২০২৪ পৰীক্ষা অনুষ্ঠিত হ’ব । এই পৰীক্ষা ৮৫টা বিষয়ৰ বাবে কম্পিউটাৰ বেছড মোড (চিবিটি)ত অনুষ্ঠিত হ’ব । UGC NET পৰীক্ষা প্ৰতি বছৰে NTA ৰ দ্বাৰা অনুষ্ঠিত হয় । এই পৰীক্ষা বছৰত দুবাৰকৈ, এবাৰ জুন মাহত আৰু দ্বিতীয়বাৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হয় ।
আবেদন মাচুল-
ইউ জি চি নেট ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ বাবে সাধাৰণ/অসংৰক্ষিত শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ১১৫০ টকা, জেনেৰেল-ই ডব্লিউ এছ/অ বি চি-এন চি এল বিভাগৰ পৰীক্ষাৰ্থীয়ে ৬০০ টকা আৰু এছ চি/এছ টি/পিড ব্লিউ ডি আৰু তৃতীয় লিংগ শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ৩২৫ টকা দিব লাগিব ।