একেখন মঞ্চতে উদ্ধৱ আৰু ৰাজ থাকৰে
আজি মহাৰাষ্ট্ৰ ৰাজনীতিৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়।যিখন ছবিক লৈ বহুদিন ধৰি জল্পনা-কল্পনা চলি আছিল, সেই ছবিখন আজি সকলোৱে দেখিব। উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেক একেলগে দেখা ৰাজনৈতিক ছবি এয়া।
২০ বছৰ ধৰি ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰখা উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেক আজি একেখন মঞ্চতে দেখা যাব। এই মঞ্চখনত এনচিপি নেত্ৰী সুপ্ৰিয়া চুলেও উপস্থিত থাকিব যিয়ে উদ্ধৱ আৰু ৰাজৰ আগত ভাষণ দিব।
মুম্বাইৰ ৱৰ্লিত মাৰাঠী বিজয় দিৱস উদযাপনৰ নামত আজি দুয়ো ভাতৃয়ে মঞ্চ শ্বেয়াৰ কৰিবলৈ ওলাইছে, কিন্তু ৰাজনৈতিক পণ্ডিতসকলে মূল্যায়ন কৰিছে যে দুয়োজন ভাতৃৰ একত্ৰিত হোৱাটোৱে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন বুলি প্ৰমাণিত হ’ব নেকি?
২০ বছৰৰ পাছত দুয়োজন ভাতৃৰ একত্ৰিত হোৱাটোৱে মাৰাঠী মানুৰ ৰাজনীতিক আৰু অধিক গতি প্ৰদান কৰিবনে? এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে।
ইয়াৰ পূৰ্বে দুয়োজন ভাতৃয়ে ৰাজ্য চৰকাৰৰ তিনি ভাষাৰ নীতিৰ প্ৰতিবাদত এক সমদল ঘোষণা কৰিছিল কিন্তু বিতৰ্ক বাঢ়ি অহাৰ লগে লগে মহাৰাষ্ট্ৰ চৰকাৰে তিনি ভাষাৰ নীতি আপাততঃ স্থগিত ৰাখিলে।
উদ্ধৱ থাকৰেৰ দল শিৱসেনা ইউ বি টি আৰু ৰাজ থাকৰেৰ দল এম এন এছে এতিয়া ‘মাৰাঠী বিজয় দিন’ উদযাপন কৰিছে।
কিন্তু থাকৰে ভাতৃদ্বয়ে একেখন মঞ্চ ভাগ লোৱাৰ লগে লগে এতিয়া দুয়োজনে ৰাজনৈতিক মিত্ৰতা কৰিব পাৰিব নেকি সেই বিষয়েও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
সেয়ে আজি দুয়োৰে ভাষণত ভৱিষ্যতে একেলগে অহাৰ কিবা ইংগিত দিয়ে নেকি তাৰ বাবে দৃষ্টি থাকিব। অৱশ্যে এই সমাৱেশত অংশগ্ৰহণ নকৰে কংগ্ৰেছ নেতাসকলে।
উদ্ধৱ থাকৰে কয় যে তেওঁ হিন্দীৰ বিৰোধী নহয় যদিও ইয়াক জাপি দিয়াটো উচিত নহয়।তেওঁ কয় যে আমি তিনি ভাষাৰ নীতিৰ বিৰোধিতা কৰোঁ।
আনহাতে ৰাজ থাকৰে কয় যে এইটো স্বৈৰাচাৰী শাসন অনাৰ লুকাই থকা এটা এজেণ্ডা।মাৰাঠীৰ গুৰুত্ব হ্ৰাস কৰাৰ ই এক ষড়যন্ত্ৰ।যিটো আমি কেতিয়াও হ’বলৈ নিদিও।
লগতে পঢ়ক: ‘থু পেলোৱা জেহাদ’ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ধামীৰ কঠোৰ নিৰ্দেশ; লোৱা হ’ব ব্যৱস্থা