আমেৰিকাত ১২ খন দেশৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক নতুন ঘোষণা কৰিছে । তেওঁ ১২খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ লগতে আন ৭খন দেশৰ পৰা অহা লোকৰ ওপৰত আংশিক বাধা আৰোপ কৰা হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ট্ৰাম্পে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, যি ১২খন দেশৰ নাগৰিকক দেশখনত প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, তাৰ ভিতৰত আফগানিস্তান, ম্যানমাৰ, চাড, কংগো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ছোমালিয়া, চুডান আৰু য়েমেন আদি অন্তৰ্ভুক্ত । এই দেশসমূহৰ নাগৰিকে আৰু ইউ এছ এত প্ৰৱেশ কৰিব নোৱাৰিব । সোমবাৰৰ পৰা পুৱা ১২:০১ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নিষেধাজ্ঞা ।
এই ৭ খন দেশৰ ওপৰতো আংশিক নিষেধাজ্ঞা-
ইয়াৰ উপৰিও ট্ৰাম্পে আন ৭খন দেশৰ পৰা অহা লোকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ ভিতৰত বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলা আদি অন্যতম । এই দেশসমূহৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত এতিয়া বিশেষ চৰ্ত আৰু কঠোৰ নিৰীক্ষণ প্ৰযোজ্য হ’ব । অৱশ্যে ড’নাল্ড ট্ৰাম্পে এনে নীতি গ্ৰহণ কৰাটো এয়াই প্ৰথম নহয় । প্ৰথম ৰাষ্ট্ৰপতিৰ কাৰ্যকালত তেওঁ ৭খন মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ পৰা অহা লোকৰ ভ্ৰমণ নিষিদ্ধ কৰিছিল, যিটো পিছলৈ ২০১৮ চনত উচ্চতম ন্যায়ালয়ে অনুমোদন জনায় ।
কাৰণ বুজাই দিলে ট্ৰাম্পে-
ট্ৰাম্পে নিজৰ বিবৃতিত কয় যে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু মোৰ নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে মই এই পদক্ষেপ ল’বলগীয়া হৈছে । তেওঁ কয় যে আমি পুনৰ কাৰ্যকৰী কৰিম যাক একাংশই ‘ট্ৰাম্প ভ্ৰমণ নিষেধাজ্ঞা’ বুলি কয়, যাতে উগ্ৰ ইছলামিক সন্ত্ৰাসবাদীক দেশত প্ৰৱেশ কৰাত বাধা দিব পৰা যায় । এটা পদক্ষেপ যিটো উচ্চতম ন্যায়ালয়েও ন্যায্যতা প্ৰদান কৰিছিল ।
হোৱাইট হাউছে কয় যে যিবোৰ দেশত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সেইবোৰ দেশ স্ক্ৰীনিং আৰু নিৰাপত্তা পৰীক্ষণত ব্যৰ্থ হোৱাৰ বাবে ইউ এছ এৰ বাবে এক গুৰুতৰ ভাবুকি হিচাপে বিবেচিত হৈছে । উল্লেখ্য যে এই পদক্ষেপ ট্ৰাম্পৰ নীতিৰ সম্প্ৰসাৰণ, যিটো তেওঁ প্ৰথম কাৰ্যকালত (২০১৭) আৰম্ভ কৰিছিল । তাৰ পিছত তেওঁ ৭ খন মুছলমান সংখ্যাগৰিষ্ঠ দেশ (ইৰাক, ছিৰিয়া, ইৰাণ, চুডান, লিবিয়া, ছোমালিয়া, য়েমেন)ৰ নাগৰিকক আমেৰিকালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰিছিল । হোৱাইট হাউছৰ মুখপাত্ৰ এবিগেল জেকচনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকানক বিপজ্জনক বিদেশী উপাদানৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি পালন কৰি আছে ।
লগতে পঢ়ক : “আমাৰ বাবে সিহঁতৰ কোনো কাম নাই”; আমেৰিকাৰ প্ৰস্তাৱক সমালোচনা খেমেইনীৰ