IPHONE ব্যৱহাৰকাৰীৰ বাবে সতৰ্কবাণী
Truecaller এ ঘোষণা কৰিছে যে তেওঁলোকৰ জনপ্ৰিয় কল ৰেকৰ্ডিং সুবিধা ৩০ ছেপ্টেম্বৰৰ পৰা IPHONE ত বন্ধ হৈ যাব।
এপলে নতুন iOS সংস্কৰণত নিজাকৈ কল ৰেকৰ্ডিং ক্ষমতা প্ৰৱৰ্তন কৰাৰ পিছত এই সিদ্ধান্ত লৈছে, যাৰ বাবে Truecaller ৰ কল ৰেকৰ্ডিং সুবিধা অসাৰ হৈ পৰিছে।
এই নতুন আপডেটৰ বাবে, Truecaller এতিয়া ইয়াৰ মূল ফিচাৰ সমূহ যেনে Live Caller ID আৰু স্বয়ংক্ৰিয় স্পেম কল ব্লক উন্নত কৰাত গুৰুত্ব দিব। উল্লেখ্য যে, Truecaller ৰ কল ৰেকৰ্ডিংৰ সুবিধাও অলপ ব্যয়বহুল আছিল।
IPHONE ত ট্ৰুকলাৰৰ কল ৰেকৰ্ডিং ফিচাৰটো এণ্ড্ৰইড ডিভাইচৰ তুলনাত যথেষ্ট পৃথক আছিল, ইয়াৰ মূল কাৰণ আছিল এপলৰ iOS প্লেটফৰ্মৰ সীমাবদ্ধতা।
যদিও ই আকাংক্ষিত কাৰ্য্যক্ষমতা প্ৰদান কৰিছিল, কিন্তু এই জটিল ৰূপায়ণৰ বাবেই Truecaller ৰ বাবে কাৰ্য্যকৰী খৰচ বেছি আছিল, যিটো আন মোবাইল অপাৰেটিং চিষ্টেমত উপলব্ধ সহজ ৰেকৰ্ডিং পদ্ধতিৰ তুলনাত ব্যয়বহুল আছিল।
ইয়াৰ বাবে সাধাৰণতে ব্যৱহাৰকাৰীয়ে এটা চলি থকা কলটো Truecaller ৰ ৰেকৰ্ডিং লাইনৰ সৈতে একত্ৰিত কৰিব লাগিছিল, যিটো আছিল iOS ৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ এটা ৱৰ্কআৰউণ্ড আছিল।
এতিয়া যেতিয়া নেটিভ কল ৰেকৰ্ডিং উপলব্ধ হৈছে, Truecaller ৰ বাবে নিজৰ ব্যয়বহুল সমাধান বজাই ৰখাৰ কোনো যুক্তি নাই।
ট্ৰুকলাৰে সকলো আইফোনৰ ব্যৱহাৰকাৰীক পৰামৰ্শ দিছে যে তেওঁলোকে যদি কল ৰেকৰ্ডিং বৈশিষ্ট্য ব্যৱহাৰ কৰি আছে তেন্তে ৩০ ছেপ্টেম্বৰৰ সময়সীমাৰ পূৰ্বে নিজৰ বৰ্তমানৰ ৰেকৰ্ডিংসমূহ বেকআপ লোৱাটো নিশ্চিত কৰক, কাৰণ ইয়াৰ পিছত সকলো ডাটা স্থায়ীভাৱে ডিলিট হৈ যাব।
লগতে পঢ়ক: ChatGPT ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ!লিক হ’ল ব্যক্তিগত মেছেজ