টিকট বুকিঙৰ পৰা এ টি এমৰ পৰা ধন উলিওৱালৈকে
২০২৫ৰ জুলাই মাহৰ আৰম্ভণিৰ পৰা কেইবাটাও ডাঙৰ নিয়ম সলনি হ’বলৈ গৈ আছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেট আৰু দৈনন্দিন জীৱনত পৰিব । ইয়াৰ ভিতৰত ৰে’লৱেৰ টিকট বুকিঙৰ লগতে এ টি এমৰ পৰা ধন উলিওৱালৈকে বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আছে । জানক ১ জুলাইৰ পৰা কোনবোৰ নিয়মৰ পৰিৱৰ্তন হ’ব ?
ব্যয়বহুল হৈ পৰিব ৰে’লৰ টিকট-
ভাৰতীয় ৰে’লৱেই ১ জুলাইৰ পৰা টিকটৰ ভাড়া বৃদ্ধি কৰিব পাৰে । নন-এচি ডবাত প্ৰতি কিলোমিটাৰত ১ পইচা আৰু এচি ডবাত ২ পইচা প্ৰতি কিলোমিটাৰ ভাড়া বৃদ্ধি পাব পাৰে । চুটি যাত্ৰাত এই বৃদ্ধি সামান্য হ’ব পাৰে, কিন্তু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।
তৎকাল টিকট বুকিংত কঠোৰ নিয়ম-
টিকট দালালক ৰোধ কৰাৰ লগতে স্বচ্ছতা বৃদ্ধিৰ বাবে আই আৰ চি টি চিয়ে তৎকাল টিকট বুকিং প্ৰক্ৰিয়া সুৰক্ষিত কৰি তুলিছে । ১ জুলাইৰ পৰা কেৱল আধাৰ পৰীক্ষিত ব্যৱহাৰকাৰীয়েহে তৎকাল টিকট বুকিং কৰিব পাৰিব । ১৫ জুলাইৰ পৰা টিকট বুকিঙৰ সময়ত অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক । বুকিং আৰম্ভ হোৱাৰ মাত্ৰ ৩০ মিনিটৰ পিছত এজেণ্টসকলে তৎকাল টিকট বুকিং কৰিব পাৰিব । ইয়াৰ দ্বাৰা সাধাৰণ যাত্ৰীসকলে টিকট লাভৰ অধিক সুযোগ লাভ কৰিব ।
এ টি এমৰ পৰা নগদ ধন উলিওৱাটো হ’ব ব্যয়বহুল (আই চি আই চি আই বেংক)
যদি আপুনি আই চি আই চি আই বেংকৰ গ্ৰাহক, তেন্তে এ টি এমৰ পৰা ধন উলিওৱাটো এতিয়া সীমিত আৰু ব্যয়বহুল হ’ব পাৰে । মেট্ৰ’ চহৰত ৩টা বিনামূলীয়া লেনদেনৰ পিছত প্ৰতি নগদ লেনদেনত ২৩ টকা আৰু নগদবিহীন লেনদেনত ৮.৫ টকা, অ-মেট্ৰ’ চহৰত ৫টা বিনামূলীয়া লেনদেনৰ সীমা থাকিব ।
এল পি জি আৰু জেট ইন্ধনৰ মূল্যৰ সম্ভাৱ্য পৰিৱৰ্তন-
প্ৰতি মাহৰ প্ৰথম দিনাই তেল কোম্পানীসমূহে এল পি জি (ৰন্ধন গেছ) আৰু বিমান ইন্ধনৰ মূল্য পৰ্যালোচনা কৰে । ১ জুলাইতো এল পি জিৰ মূল্য হ্ৰাস বা বৃদ্ধিৰ সম্ভাৱনা আছে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ঘৰৰ বাজেটত পৰিব ।
লগতে পঢ়ক : দহ বছৰত ভাৰতত চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পালে ১৭ কোটিৰো অধিক লোকে