তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰলৈ বৃদ্ধি LPGৰ মূল্য, অসমৰ কোন জিলাত কিমান দাম ?

সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে পুনৰ সাধাৰণ গ্ৰাহকৰ পকেটত মোক্ষম আঘাত হানি বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছ (LPG) চিলিণ্ডাৰৰ মূল্য

সাধাৰণ জনতাৰ বাবে এক অতি দুখবৰ । সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে পুনৰ সাধাৰণ গ্ৰাহকৰ পকেটত মোক্ষম আঘাত হানি বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছ (LPG) চিলিণ্ডাৰৰ মূল্য । লাভ কৰা খবৰ অনুসৰি, এইবাৰ ঘৰুৱা ব্যৱহাৰ্য LPG চিলিণ্ডাৰৰ দাম একেলগে ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে । এই সংশোধিত নতুন বৰ্ধিত মূল্য আজি অৰ্থাৎ দেওবাৰ, ৭ জুনৰ পৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰিও কাৰ্যকৰী কৰা হৈছে । এই হঠাত্ হোৱা মূল্যবৃদ্ধিয়ে এতিয়া পাকঘৰৰ বাজেট ওলট-পালট কৰি তুলিছে ।

ৰাজ্যৰ বিভিন্ন জিলাভেদে এই নতুন মূল্যৰ কিছু তাৰতম্য দেখা গৈছে । অসমৰ বিভিন্ন প্ৰান্তত আজিৰ পৰা কাৰ্যকৰী হোৱা ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্যসমূহ এনেধৰণৰ-

বজালী আৰু বৰপেটা জিলাত গ্ৰাহকে এতিয়াৰে পৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ ৯৮৪ টকা ভৰিব লাগিব । একেদৰে বাক্সাত ৯৯৯ টকা, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ আৰু ওদালগুৰি জিলাত এই মূল্য বৃদ্ধি পাই হৈছেগৈ ১০০৭.৫০ টকা । আনহাতে বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰ জিলাত ৰন্ধন গেছৰ নতুন দাম নিৰ্ধাৰণ কৰা হৈছে ৯৭৬ টকা ।

পাহাৰীয়া তথা দূৰৱৰ্তী জিলাসমূহৰ লগতে বৰাক উপত্যকাত ইয়াৰ প্ৰভাৱ অধিক পৰিলক্ষিত হৈছে । ডিমা হাছাও জিলাত বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক ১১০০.৫০ টকা হৈছেগৈ । ইয়াৰ উপৰি কাছাৰত ১০৭৬.৫০ টকা, হাইলাকান্দিত ১০৮৫ টকা আৰু শ্ৰীভূমিত ১০৯৩.৫০ টকালৈ মূল্য বৃদ্ধি পাইছে ।

ৰাজ্যৰ বাকী অংশৰ ভিতৰত চৰাইদেউ আৰু যোৰহাটত নতুন মূল্য ৯৫৭.৫০ টকা, দৰঙত ৯৯৯ টকা, ধুবুৰী আৰু দক্ষিণ শালমৰাত ৯৯২.৫০ টকা আৰু ডিব্ৰুগড় তথা তিনিচুকীয়া জিলাত এই মূল্য হৈছেগৈ ৯৪১ টকা । তদুপৰি গোৱালপাৰাত ৯৭.৫০ টকা, গোলাঘাট আৰু মাজুলীত ৯৫৮.৫০ টকা, হোজাই, নগাঁও আৰু পশ্চিম কাৰ্বি আংলঙত ১০১৪ টকা হিচাপে নতুন দাম ধাৰ্য কৰা হৈছে ।

মহানগৰী সামৰি লোৱা কামৰূপ মেট্ৰ’ (গুৱাহাটী)ত গ্ৰাহকে এতিয়াৰে পৰা প্ৰতিটো চিলিণ্ডাৰত ৯৯১ টকাকৈ ব্যয় কৰিব লাগিব । একেদৰে কাৰ্বি আংলঙত ৯৬৪ টকা, মৰিগাঁৱত ১০০১.৫০ টকা, নলবাৰীত ৯৯৯.৫০ টকা আৰু শিৱসাগৰ জিলাত ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ৯৪৯.৫০ টকা ।

লগতে পঢ়ক : পুনৰ বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ দাম : আজিৰ পৰা কাৰ্যকৰী হ’ব নতুন দৰ

১ মে’ৰ দিনাই এলপিজিক লৈ দেশবাসীৰ বাবে আহিল বেয়া খবৰ

এটা ১৯ কেজি ওজনৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯৯৩ টকা বৃদ্ধি কৰা হৈছে

শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে, যাৰ ফলত খাদ্য আৰু আতিথ্য খণ্ডৰ ব্যৱসায়ীসকলৰ খৰচ বৃদ্ধি পাব । অৱশ্যে ঘৰুৱা ব্যৱহাৰযোগ্য এলপিজিৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

জানিব পৰা মতে এটা ১৯ কেজি ওজনৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯৯৩ টকা বৃদ্ধি কৰা হৈছে । ইয়াৰ ফলত আজিৰ পৰা দিল্লীত ইয়াৰ মূল্য ৩,০৭১.৫০ টকালৈ বৃদ্ধি পালে । একেদৰে ৫ কেজি ওজনৰ এফটিএল চিলিণ্ডাৰৰ মূল্যও তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰতি চিলিণ্ডাৰত ২৬১ টকাকৈ বৃদ্ধি কৰা হৈছে ।

দেশৰ প্ৰায় ৩৩ কোটি পৰিয়ালে ব্যৱহাৰ কৰা ১৪.২ কেজিৰ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্যত কোনো সালসলনি কৰা হোৱা নাই । এই মূল্য সংশোধন কেৱল বাণিজ্যিক আৰু বাল্ক এলপিজি শ্ৰেণীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব । ৰাজসাহায্য যুক্ত আৰু ৰন্ধন কাৰ্যত বহুলভাৱে ব্যৱহৃত ঘৰুৱা এলপিজিক এই শেহতীয়া মূল্য বৃদ্ধিৰ পৰা বাহিৰত ৰখা হৈছে ।

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে শেহতীয়া সপ্তাহবোৰত গোলকীয় খাৰুৱা তেলৰ বজাৰত হোৱা অস্থিরতাৰ পৰিপ্ৰেক্ষিততে এই মূল্য বৃদ্ধি কৰা হৈছে । বৃহস্পতিবাৰে ব্ৰেণ্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ১২৬ ডলাৰ স্পৰ্শ কৰিছিল যদিও শুকুৰবাৰে ই ১১৩ ডলাৰলৈ হ্ৰাস পায় । যিহেতু ভাৰতে এলপিজিৰ এক বুজন অংশ আমদানি কৰে, সেয়েহে বাণিজ্যিক আৰু ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ ঘৰুৱা মূল্য আন্তৰ্জাতিক মানদণ্ডৰ সৈতে সংযুক্ত আৰু প্ৰতি মাহে ইয়াক পুনৰীক্ষণ কৰা হয় ।

তেল বিপণন কোম্পানীসমূহে সাধাৰণতে প্ৰতি মাহৰ প্ৰথম দিনটোত আন্তৰ্জাতিক গড় মূল্য আৰু বৈদেশিক বিনিময় হাৰ বিবেচনা কৰি এলপিজিৰ মূল্য পৰ্যালোচনা কৰে । পৰিয়ালসমূহক মুদ্ৰাস্ফীতিৰ পৰা ৰক্ষা কৰিবলৈ যোৱা কেইমাহমানত ঘৰুৱা এলপিজিৰ দৰ সুস্থিৰ কৰি ৰখা হৈছে যদিও গোলকীয় প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সঘনাই পৰিৱৰ্তন কৰা হৈছে ।

১৯ কেজি ওজনৰ চিলিণ্ডাৰৰ এই তীব্ৰ মূল্য বৃদ্ধিয়ে দৈনিক কাম-কাজৰ বাবে বাণিজ্যিক এলপিজিৰ ওপৰত নিৰ্ভৰ কৰা ৰেষ্টুৰেণ্ট, হোটেল, বেকাৰী আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব । ব্যৱসায়ীসকলে প্ৰায়ে বৰ্ধিত খৰচৰ এটা অংশ গ্ৰাহকৰ ওপৰত জাপি দিয়ে, যাৰ প্ৰতিফলন অনাগত সপ্তাহবোৰত খাদ্যৰ মূল্যত দেখা পোৱাৰ সম্ভাৱনা আছে ।

ইফালে, পৰিয়ালসমূহৰ বাবে ক্ৰয়ক্ষমতা নিশ্চিত কৰিবলৈ চৰকাৰে ঘৰুৱা এলপিজিৰ ক্ষেত্ৰত এক সুচিন্তিত দৃষ্টিভংগী গ্ৰহণ কৰিছে । সামগ্ৰিক মুদ্ৰাস্ফীতিৰ মাজতো বিগত কেইবামাহো ধৰি ১৪.২ কেজিৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত ৰখা হৈছে, যাৰ ফলত গ্ৰাহকসকলে স্বস্তি লাভ কৰিছে ।

লগতে পঢ়ক : ভয়ংকৰ ঘটনাঃ প্ৰচণ্ড ধুমুহাত নদীত ডুবিল পৰ্যটকেৰে ভৰা ক্ৰুজ

বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতেই মাধমাৰ; বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম

মধ্যপ্ৰাচ্যৰ সংঘাতৰ বাবে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। ফলত এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি পাই ২,০৭৮.৫০ টকা হৈছে গৈ।

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া জনসাধাৰণৰ ওপৰত পৰিছে। আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে চৰকাৰী তেল কোম্পানীসমূহে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা এই নতুন মূল্যই ব্যৱসায়ী আৰু ৰেষ্টুৰেণ্ট পৰিচালকসকলৰ উদ্বেগ আৰু অধিক বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে ১ মাৰ্চত ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্য ১১৪.৫ টকা বৃদ্ধি কৰা হৈছিল।অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই। ঘৰুৱা ৰন্ধন গেছৰ (এল পি জি) দাম শেষবাৰৰ বাবে ৭ মাৰ্চত ৬০ টকা বৃদ্ধি পাইছিল।

লগতে পঢ়ক: শীতলা মাতা মন্দিৰত অঘটন : পদপিষ্ট হৈ অতিকমেও ৮ জন লোকৰ মৃত্যু, আহত বহুতো

২৫ নহয় ৩৫ দিনত হে…; ৰন্ধন গেছ চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত আহি গ’ল নতুন নিয়ম

এল পি জি চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত যি সমূহ নতুন নিয়মৰ কথা পোহৰলৈ আহিছে তাক চৰকাৰে ভুৱা বুলি উল্লেখ কৰিছে। চৰকাৰে উল্লেখ কৰে যে এতিয়াও পুৰণি নিয়ম প্ৰযোজ্য হৈ আছে আৰু গেছৰ অভাৱ হোৱা নাই।

এলপিজি চিলিণ্ডাৰ বুকিং’ৰ সন্দৰ্ভত যি সমূহ নতুন নতুন নিয়ম পোহৰলৈ আহিছে,এই সন্দৰ্ভত এতিয়া চৰকাৰে স্পষ্ট কৰি দিছে যে এই খবৰ সঁচা নহয়। কিছুমান বাতৰি আৰু ছ’চিয়েল মিডিয়া পোষ্টত কোৱা হৈছিল যে এতিয়া গেছ বুকিং কৰিবলৈ বিভিন্ন লোকে বিভিন্ন সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু চৰকাৰে এনে কোনো নতুন নিয়ম কাৰ্যকৰী হোৱা নাই বুলি উল্লেখ কৰিছে।

কোনো কোনো ঠাইত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (পিএমইউৱাই) হিতাধিকাৰীয়ে ৪৫ দিন অপেক্ষা কৰিব লাগিব বুলি খবৰ ওলাইছিল, আনহাতে কিছুমান ক্ষেত্ৰত এই নিয়মৰ বাবে ২৫ বা ৩৫ দিনৰ অপেক্ষাৰ সময়সীমা থাকিব লাগিব।

কিন্তু চৰকাৰৰ মতে আজিও একেই পুৰণি নিয়ম প্ৰযোজ্য।চহৰৰ বাসিন্দাসকলৰ বাবে ২৫ তাৰিখটো বুকিং ডে’ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।ইয়াৰ উপৰিও গাঁওখনত বসবাস কৰাসকলৰ বাবে ৪৫ দিনৰ আৱণ্টন দিয়া হৈছে।এই নিয়ম সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য; কোনো পৃথক শ্ৰেণী নাই।

চৰকাৰে এনে ভুৱা খবৰ বিশ্বাস নকৰিবলৈ আৰু অধিক প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে। লগতে চৰকাৰে উল্লেখ কৰে যে দেশত গেছৰ অভাৱ হোৱা নাই আৰু সকলোৰে বাবে পৰ্যাপ্ত পৰিমাণৰ এল পি জি উপলব্ধ।গতিকে আতংকিত হোৱা বা বেছি খৰখেদাকৈ বুকিং কৰাৰ প্ৰয়োজন নাই।

যদি কোনোবাই নিৰ্ধাৰিত সময়ৰ আগতেই গেছ বুকিং কৰাৰ চেষ্টা কৰে তেন্তে ব্যৱস্থাটোৱে স্বয়ংক্ৰিয়ভাৱে বুকিং বন্ধ কৰি দিব।এই সময়সীমা পূৰ্বৰ গেছ ডেলিভাৰীৰ তাৰিখৰ পৰা গণনা কৰা হ’ব।

লগতে পঢ়ক: হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

টিকট বুকিঙৰ পৰা এ টি এমৰ পৰা ধন উলিওৱালৈকে…১ জুলাইৰ পৰা সলনি হ’ব ৪টা ডাঙৰ নিয়ম !

টিকট বুকিঙৰ পৰা এ টি এমৰ পৰা ধন উলিওৱালৈকে

২০২৫ৰ জুলাই মাহৰ আৰম্ভণিৰ পৰা কেইবাটাও ডাঙৰ নিয়ম সলনি হ’বলৈ গৈ আছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেট আৰু দৈনন্দিন জীৱনত পৰিব । ইয়াৰ ভিতৰত ৰে’লৱেৰ টিকট বুকিঙৰ লগতে এ টি এমৰ পৰা ধন উলিওৱালৈকে বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আছে । জানক ১ জুলাইৰ পৰা কোনবোৰ নিয়মৰ পৰিৱৰ্তন হ’ব ?

ব্যয়বহুল হৈ পৰিব ৰে’লৰ টিকট-

ভাৰতীয় ৰে’লৱেই ১ জুলাইৰ পৰা টিকটৰ ভাড়া বৃদ্ধি কৰিব পাৰে । নন-এচি ডবাত প্ৰতি কিলোমিটাৰত ১ পইচা আৰু এচি ডবাত ২ পইচা প্ৰতি কিলোমিটাৰ ভাড়া বৃদ্ধি পাব পাৰে । চুটি যাত্ৰাত এই বৃদ্ধি সামান্য হ’ব পাৰে, কিন্তু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।

তৎকাল টিকট বুকিংত কঠোৰ নিয়ম-

টিকট দালালক ৰোধ কৰাৰ লগতে স্বচ্ছতা বৃদ্ধিৰ বাবে আই আৰ চি টি চিয়ে তৎকাল টিকট বুকিং প্ৰক্ৰিয়া সুৰক্ষিত কৰি তুলিছে । ১ জুলাইৰ পৰা কেৱল আধাৰ পৰীক্ষিত ব্যৱহাৰকাৰীয়েহে তৎকাল টিকট বুকিং কৰিব পাৰিব । ১৫ জুলাইৰ পৰা টিকট বুকিঙৰ সময়ত অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক । বুকিং আৰম্ভ হোৱাৰ মাত্ৰ ৩০ মিনিটৰ পিছত এজেণ্টসকলে তৎকাল টিকট বুকিং কৰিব পাৰিব । ইয়াৰ দ্বাৰা সাধাৰণ যাত্ৰীসকলে টিকট লাভৰ অধিক সুযোগ লাভ কৰিব ।

এ টি এমৰ পৰা নগদ ধন উলিওৱাটো হ’ব ব্যয়বহুল (আই চি আই চি আই বেংক)

যদি আপুনি আই চি আই চি আই বেংকৰ গ্ৰাহক, তেন্তে এ টি এমৰ পৰা ধন উলিওৱাটো এতিয়া সীমিত আৰু ব্যয়বহুল হ’ব পাৰে । মেট্ৰ’ চহৰত ৩টা বিনামূলীয়া লেনদেনৰ পিছত প্ৰতি নগদ লেনদেনত ২৩ টকা  আৰু নগদবিহীন লেনদেনত ৮.৫ টকা, অ-মেট্ৰ’ চহৰত ৫টা বিনামূলীয়া লেনদেনৰ সীমা থাকিব ।

এল পি জি আৰু জেট ইন্ধনৰ মূল্যৰ সম্ভাৱ্য পৰিৱৰ্তন-

প্ৰতি মাহৰ প্ৰথম দিনাই তেল কোম্পানীসমূহে এল পি জি (ৰন্ধন গেছ) আৰু বিমান ইন্ধনৰ মূল্য পৰ্যালোচনা কৰে । ১ জুলাইতো এল পি জিৰ মূল্য হ্ৰাস বা বৃদ্ধিৰ সম্ভাৱনা আছে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ঘৰৰ বাজেটত পৰিব ।

লগতে পঢ়ক : দহ বছৰত ভাৰতত চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পালে ১৭ কোটিৰো অধিক লোকে