লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো গ্ৰহণযোগ্য নহয় ।
ইৰাণ যুদ্ধ আৰু পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতি প্ৰকাশ কৰিছে । তেওঁ উল্লেখ কৰে যে পশ্চিম এছিয়াৰ পৰিস্থিতি চিন্তনীয় । তেওঁ উল্লেখ কৰে যে প্ৰায় এক কোটি ভাৰতীয়ই পশ্চিম এছিয়াত বাস কৰে আৰু কৰ্মৰত হৈ আছে । এই বিষয়ত সংসদ একমত হোৱাটো গুৰুত্বপূৰ্ণ । তেওঁ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়ত বাৰ্তালাপত মিলিত হৈছে আৰু ভাৰতৰ সকলো মিছনে ক্ষতিগ্ৰস্ত দেশত আবদ্ধ ভাৰতীয়সকলক সহায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে ।
সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ৩ লাখ ৭৫ হাজাৰতকৈ অধিক ভাৰতীয় ঘূৰি আহিছে । ইৰাণৰ পৰা উভতি আহিছে প্ৰায় ১০০০ ভাৰতীয়, ইয়াৰে বহুতেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো গ্ৰহণযোগ্য নহয় ।
সংঘাতত গুৰুত্বপূৰ্ণ হৈ পৰা হৰমুজ প্ৰণালীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খাৰুৱা তেল, গেছ, সাৰ আৰু বহু শক্তিৰ উৎসৰ বৃহৎ অংশ হৰমুজ জলপথেৰে আহে আৰু এই পথটো বন্ধ হৈ থকাৰ পিছতো আমি নিশ্চিত কৰিছো যে আমাৰ প্ৰয়োজন পূৰণ হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আলোচনাৰ বাবে হৰমুজ প্ৰণালীত আবদ্ধ হৈ থকা আমাৰ বহু জাহাজ যাত্ৰা কৰিবলৈ দিয়া হৈছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতলৈ বৃহৎ পৰিমাণৰ খাৰুৱা তেল, গেছ, সাৰ আৰু বহুতো অত্যাৱশ্যকীয় সামগ্ৰী ভাৰতলৈ আহে । যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল অতি কঠিন হৈ পৰিছে । ইয়াৰ পিছতো আমাৰ চৰকাৰে পেট্ৰ’ল, ডিজেল, গেছৰ যোগানত যাতে বিশেষ প্ৰভাৱ নপৰে তাৰ বাবে চেষ্টা কৰিছে ।”
তেওঁ আৰু কয়, “আমি সকলোৱে জানো যে, দেশে ৬০% এল পি জিৰ প্ৰয়োজনীয়তা আমদানিৰ জৰিয়তে পূৰণ কৰে । যোগানৰ অনিশ্চয়তাৰ বাবে চৰকাৰে ঘৰুৱা এল পি জি গ্ৰাহকক অগ্ৰাধিকাৰ দিছে । লগতে এল পি জিৰ ঘৰুৱা উৎপাদনো বৃদ্ধি কৰা হৈছে ।”
প্ৰধানমন্ত্ৰী মোদীয়ে এই যুদ্ধত অংশগ্ৰহণ কৰা দেশসমূহলৈ প্ৰেৰণ কৰা বাৰ্তাত উল্লেখ কৰে যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো গ্ৰহণযোগ্য নহয় । তেওঁ উল্লেখ কৰে যে ভাৰতে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁ নিজেই পশ্চিম এছিয়াৰ নেতাসকলৰ সৈতে কথা পাতিছে, তেওঁলোকক উত্তেজনা হ্ৰাস কৰি সংঘাতৰ অন্ত পেলাবলৈ আহ্বান জনাইছে ।
বিশ্ববাসীলৈ প্ৰেৰণ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সাধাৰণ নাগৰিক, শক্তি আৰু পৰিবহণ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ বিৰোধিতা কৰে । বাণিজ্যিক জাহাজত আক্ৰমণ আৰু হৰমুজ প্ৰণালীৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলপথ বন্ধ কৰাটো গ্ৰহণযোগ্য নহয় ।
লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; জ্যেষ্ঠ কেবিনেট মন্ত্ৰীও উপস্থিত









