সাগৰত ডুব গ’ল পৰ্যটকেৰে ভৰা জাহাজ
শনিবাৰে বিয়লি ভিয়েটনামৰ এটা পৰ্যটনস্থলী পৰিদৰ্শন কৰিবলৈ গৈ থকা পৰ্যটকৰে ভৰা এখন জাহাজ আকস্মিক ধুমুহাত সাগৰত ডুব যায় । এই দুৰ্ঘটনাত ৩৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই তথ্য প্ৰদান কৰে ।
প্ৰতিবেদন অনুসৰি ‘ৱাণ্ডাৰ ছি’ নামৰ নাওখন ৪৮ জন যাত্ৰী আৰু ৫ জন ক্ৰুৰ সৈতে হালং বে’লৈ গৈ আছিল । সকলোৱেই আছিল ভিয়েটনামী নাগৰিক । উদ্ধাৰ কৰ্মীয়ে ১১ জন লোকক নিৰাপদে উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাস্থলীৰ সমীপতো কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিছে । যদিও পূৰ্বে ১২ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি খবৰ ওলাইছিল, কিন্তু পিছত এই সংখ্যা ১১ জন হয় ।
প্ৰকাশিত এক বাতৰি অনুসৰি প্ৰচণ্ড বতাহৰ ফলত নাওখন লুটি খাই পৰে । এটি ১৪ বছৰীয়া কিশোৰ এই দুৰ্ঘটনাত ৰক্ষা পৰে । চাৰি ঘণ্টা ধৰি লুটি খাই পৰা নাওখনৰ ভিতৰতে থকা কিশোৰটিক নিৰাপদে উদ্ধাৰ কৰা হয় । ইয়াৰ উপৰিও প্রতিবেদনত প্রকাশ কৰা হৈছে যে অধিকাংশ যাত্রী পৰ্যটক আৰু ইয়াৰে প্রায় ২০টি শিশু ৷ এই সকলো পৰ্যটক ভিয়েটনামৰ ৰাজধানী হানয়ৰ পৰা আহিছিল ।
লগতে পঢ়ক : লছ এঞ্জেলছত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; তিনিজনৰ মৃত্যু