বিহাৰত অব্যাহত থাকিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ
বিহাৰৰ ভোটাৰ তালিকাৰ পৰীক্ষণ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি হয়। নিৰ্বাচন আয়োগৰ দ্বাৰা চলাই থকা বিহাৰৰ ভোটাৰ তালিকাৰ পৰীক্ষণ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আদালতে অস্বীকাৰ কৰিছে ।
বিৰোধী দলক মোক্ষম আঘাত দি আদালতে কয় যে আয়োগৰ হাতত শপতনামা দাখিল কৰিবলৈ যথেষ্ট সময় আছে,তেওঁ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক। ন্যায়াধীশ ধুলিয়াই কয় যে আমি ২৮ জুলাইত এই গোচৰৰ শুনানি গ্ৰহণ কৰিম।
তেওঁ লগতে কয় যে, ২৮ জুলাইৰ পূৰ্বে সকলো যুক্তি সম্পূৰ্ণ কৰিব লাগিব ।উল্লেখ যোগ্য যে কংগ্ৰেছ, আৰজেডিকে ধৰি ইণ্ডিয়া এলায়েন্সৰ ৯টা দলে ভোটাৰ তালিকা পৰীক্ষণ প্ৰক্ৰিয়াত শীঘ্ৰে নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে।
আনহাতে, অধিবক্তা অশ্বিনী উপাধ্যায়ে কেৱল ভাৰতীয় নাগৰিকেহে ভোটাধিকাৰ পাব লাগে বুলি আৱেদন দাখিল কৰিছে।
৯টা পক্ষই দাখিল কৰিছিল আবেদন
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।
ইণ্ডিয়া এলায়েন্স দল কংগ্ৰেছ, টিএমচি, আৰজেডি, চিপিএম, এনচিপি (শ্বাৰদ পাৱাৰ ফৈদ), চিপিআই, সমাজবাদী পাৰ্টি, শিৱসেনা (ইউবিটি) আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই ভোটাৰ তালিকা পৰীক্ষণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি এখন আবেদন দাখিল কৰিছে।
তেওঁলোকে দাবী কৰে যে এই প্ৰক্ৰিয়াৰ জৰিয়তে দৰিদ্ৰ লোক আৰু মহিলাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলাব পৰা যাব।
ইয়াৰ উপৰিও দুজন সমাজকৰ্মী আৰ্শ্বদ আজমল আৰু ৰূপেশ কুমাৰেও পৰীক্ষণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাইছে।
নিৰ্বাচন আয়োগে স্পষ্ট কৰিলে সমগ্ৰ বিষয়
নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব যিসকলে ইয়াৰ বাবে যোগ্য।মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, ‘২০০৩ চনৰ পিছত ভোটাৰ তালিকাৰ বৃহৎ পৰিসৰৰ পৰীক্ষণ হোৱা নাই।
সম্পূৰ্ণ পৰীক্ষণৰ পিছত কেৱল যোগ্য ভাৰতীয় নাগৰিককহে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব।আয়োগে দেশৰ প্ৰতিখন ৰাজ্যতে ঘৰে ঘৰে পৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে যাতে অভাৰতীয় লোকৰ নাম তালিকাৰ পৰা আঁতৰাব পৰা যায়।
আয়োগৰ সূত্ৰ অনুসৰি বিহাৰৰ পিছত অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত ভোটাৰ পৰীক্ষণ অভিযান চলোৱা হ’ব, য’ত ২০২৬ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
ইয়াৰ পিছত ২০২৯ চনৰ ভিতৰত উত্তৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱ, হিমাচল প্ৰদেশ, গোৱা আৰু মণিপুৰত ভেৰিফিকেচন কৰাৰ পৰিকল্পনা কৰা হৈছে।
লগতে পঢ়ক: পাঁচখন দেশ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী; আঠদিনীয়া ভ্ৰমণত