থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাট্ৰাক নিলম্বন
কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ফোন কলৰ অডিঅ’ ভাইৰেল হোৱাৰ পিছতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন কৰা হয় । প্ৰধানমন্ত্ৰীগৰাকীক গুৰুতৰ নৈতিক উলংঘাৰ অভিযোগ উত্থাপন কৰি এখন আবেদনৰ শুনানি গ্ৰহণ কৰি সাংবিধানিক আদালতে এই নিৰ্দেশ দিয়ে । তদন্ত শেষ নোহোৱালৈকে প্ৰধানমন্ত্ৰীক নিলম্বন কৰাৰ সপক্ষে ন্যায়াধীশসকলে ৭ৰ বিপৰীতে ২ ভোটত ভোটদান কৰে । আনহাতে, সংকটত পৰা মিত্ৰজোঁটৰ চৰকাৰ সন্দৰ্ভত মঙলবাৰে থাইলেণ্ডৰ ৰজাই চৰকাৰত নতুন কেবিনেট সদস্য নিযুক্তিৰ ক্ষেত্ৰত অনুমোদন জনায় ।
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰা আৰু কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বাৰ্তালাপৰ অডিঅ’ ফাদিল হৈছিল । ইয়াৰ পিছতে থাইলেণ্ডত হুলস্থুলৰ সৃষ্টি হয় আৰু প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ আৰম্ভ হয় । অডিঅ’ ভাইৰেল হোৱাৰ প্ৰধানমন্ত্ৰী শিনাৱাট্ৰাক গুৰুতৰ নৈতিকতা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা আবেদনখন সাংবিধানিক আদালতে বিবেচনা কৰিব নেকি তাকে লৈ থাইলেণ্ডত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল ।
পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই কয় যে তেওঁ এই প্ৰক্ৰিয়াটো মানি ল’ব আৰু অনুসৰণ কৰিব, যদিও তেওঁৰ কামত ব্যাঘাত জন্মাটো তেওঁ নিবিচাৰে । বিষয়টো লৈ চিন্তিত বুলিও কয় থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে । ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আয়োগৰ কাৰ্যালয়ে আচৰণ বিধি উলংঘাৰ অভিযোগত তদন্তৰ সন্মুখীন হৈছে পাটংটাৰ্ণ ।
এই ফোন কল ভাইৰেল হোৱাৰ পিছতে থাইলেণ্ডৰ মিত্ৰজোঁটৰ চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰে প্ৰধান দল ভুমজাইথাই । ইয়াৰ পিছত মঙলবাৰে থাইলেণ্ডৰ ৰজা মহা বাজিৰালংকৰ্ণে প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ নতুন মন্ত্ৰীসভাত অনুমোদন জনায় । নতুন মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিছে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা ভূমজাইথাই পাৰ্টিৰ নেতা অনুতিন চৰবিৰাকুলক । অডিঅ’ লিক হোৱাৰ বাবে তেওঁ মিত্ৰজোঁটৰ চৰকাৰ ত্যাগ কৰিছিল । অনুটিনৰ ঠাইত ফুমথুম ভেচাইয়াচাইক নিযুক্তি দিয়া হৈছে । ফুমথুম আছিল প্ৰতিৰক্ষা মন্ত্ৰী । এতিয়া তেওঁ গৃহ মন্ত্ৰালয়ৰ দায়িত্বও ল’ব ।
লগতে পঢ়ক : ট্ৰেড ডিল লক….; ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিৰ চৰ্তত সহমত