জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান ধ্বংস কৰিছে।জিলাখনৰ সুৰংকোট ছেক্টৰৰ হৰি মাৰোতে গাঁৱত এই সন্ত্ৰাসবাদী আত্মগোপন স্থানটো আৱিষ্কাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
দেওবাৰে গভীৰ নিশা সেনা, আৰক্ষী আৰু এছ অ’ জিকে ধৰি নিৰাপত্তা বাহিনীৰ যৌথ তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ এই আত্মগোপন স্থানৰ বিষয়ে জানিব পাৰে, য’ৰ পৰা উদ্ধাৰ হয় পাঁচটা আই ই ডি, বেতাঁৰ চেট আৰু কিছু কাপোৰ।
ভাৰতীয় সেনাবাহিনীৰ নেশ্যনেল ৰাইফলছ (আৰ আৰ), পেৰা কমাণ্ডো ইউনিট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথভাৱে চলোৱা এক অনুসন্ধান অভিযানত পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা অত্যাধুনিক ‘শিয়ালৰ গাঁত’ ধ্বংস কৰে, য’ৰ পৰা ৩০ এপ্ৰিলত গুলীচালনা সংঘটিত হৈছিল।
এই ‘শিয়ালৰ গাঁত’ৰ গঠন আৰু ইয়াত লুকাই থকা সম্পদে আনকি নিৰাপত্তা সংস্থাকো স্তম্ভিত কৰি তুলিছিল।প্ৰায় ছয় ফুট দ আৰু আঠ ফুট বহল এই মাটিৰ তলৰ গাঁতটোত সন্ত্ৰাসবাদীয়ে দীৰ্ঘদিনীয়া আত্মগোপনৰ ব্যৱস্থা কৰিছিল।ইয়াত লুকাই আছিল গেছ চিলিণ্ডাৰ, সৌৰ লাইট, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।