এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ বৃহৎ জয়
এছিয়া কাপ ২০২৫ ত ভাৰতে এক সুন্দৰ আৰম্ভণি কৰিছে।কুলদীপ যাদৱ আৰু শিৱম ডুবেৰ উজ্জ্বল বলিঙৰ পাছত অভিষেক শৰ্মা আৰু শুভমান গিলে ধুমুহাময় ইনিংছ খেলি ভাৰতক ২৭টা বলত জয়লাভ কৰাই।
ভাৰতীয় দলটোৱে ইউ এ ই দলক ৯ উইকেটত পৰাস্ত কৰিছে।বলাৰ আৰু বেটছমেনে দলৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে।
অভিষেক শৰ্মাই ৩০ ৰান সংগ্ৰহ কৰে।আনহাতে ভাৰতীয় দলৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰে।।
খেলখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত ইউ এ ইৰ বেটছমেনসকলে ভাৰতীয় বলাৰৰ সন্মুখত থিয় দিব নোৱাৰিলে আৰু ফ্লপ হ’ল।ইউ এ ইৰ দলটোৱে মাত্ৰ ৫৭ হে ৰান সংগ্ৰহ কৰে।
লগতে পঢ়ক: ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাৰে ২০২৬ৰ টি২০ বিশ্বকাপ… দুখন দেশ আৰু পাঁচখন চহৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা
Post Views: 59