ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ টেষ্ট দলটো এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে বৰ্তমান খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে ভ্ৰমণৰ ব্যৱস্থা চূড়ান্ত কৰাৰ চেষ্টাত আছে।
জানিব পৰা মতে ভাৰতৰ টেষ্ট দলৰ প্ৰথমটো বেচৰ সৈতে অহা ৬ জুনত ইংলেণ্ডলৈ ৰাওনা হ’ব মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
খেলুৱৈ সকলৰ আনটো বেচ চলিত আই পি এল ২০২৫ ছিজনত নিজৰ প্ৰতিশ্ৰুতি আৰু টেষ্ট দলত নিৰ্বাচিত হোৱাৰ ওপৰত নিৰ্ভৰ কৰি যাত্ৰা কৰিব।
ভাৰতীয় দলৰ সহায়ক কৰ্মচাৰীৰ এক বৃহৎ অংশ বৰ্তমান দেশত নাই।এইটো সম্ভাৱনা আছে যে, ইংলেণ্ডৰ টেষ্ট দলত পোনপটীয়াকৈ যোগদান কৰাৰ সম্ভাৱনা আছে।
টেষ্ট দলৰ আনুষ্ঠানিক ঘোষণাৰ পিছত দলৰ প্ৰস্থান কাৰ্যসূচী সম্পৰ্কীয় চূড়ান্ত তথ্য খেলুৱৈ আৰু সহায়ক কৰ্মচাৰী উভয়কে দিয়া হ’ব।
ইণ্ডিয়া এ দলটোৱে ২৫ মে’ৰ পৰা পৰ্যায়ক্ৰমে ইংলেণ্ডলৈ যাত্ৰা আৰম্ভ কৰিব।আই পি এল বা ইয়াৰ প্লে অফত অংশগ্ৰহণ নকৰা খেলুৱৈ, প্ৰস্থান কৰা প্ৰথমটো বেচৰ অংশ হ’ব তেওঁলোক।
বাকী খেলুৱৈসকলে আই পি এলত অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত ইণ্ডিয়া এ দলত যোগদান কৰিব।
চলিত সপ্তাহৰ আৰম্ভণিতে ইণ্ডিয়া এ দল ঘোষণা হোৱাৰ সম্ভাৱনা আছিল।অৱশ্যে সংশোধিত আই পি এলৰ সময়সূচীৰ লগে লগে অজিত আগৰকাৰৰ নেতৃত্বত গঠিত বাছনি সমিতিয়ে এতিয়া এই সন্দৰ্ভত পিছত সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে।