১০০০+ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ
বাৰ্মিংহামত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্ট মেচত ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। টেষ্ট ক্ৰিকেটত টিম ইণ্ডিয়াই এনে এক বৃহৎ অভিলেখ গঢ়ি তুলিছে যিয়ে লাখ লাখ ভাৰতীয় অনুৰাগীক গৌৰৱান্বিত কৰিব।
এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ কৰি বিশ্বৰ পঞ্চমখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহাম টেষ্ট মেচত এই কৃতিত্ব অৰ্জন কৰিছে টীম ইণ্ডিয়াই।
ইয়াৰ পূৰ্বে ভাৰত, ইংলেণ্ড, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই এই কৃতিত্ব কৰিছিল।অষ্ট্ৰেলিয়াৰ দলটোৱে এখন টেষ্ট মেচত দুবাৰকৈ ১০০০+ ৰান সংগ্ৰহ কৰিছে।ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহাম টেষ্টৰ প্ৰথম ইনিংছত ৫৮৭ ৰান সংগ্ৰহ কৰিছিল টিম ইণ্ডিয়াই।
এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ
ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহাম টেষ্টৰ প্ৰথম ইনিংছত ৫৮৭ ৰান সংগ্ৰহ কৰিছিল ভাৰতীয় দলটোৱে। দ্বিতীয় ইনিংছতো ভাৰতীয় দলটোৱে ৬ উইকেটত ৪২৭ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।
এইদৰে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহাম টেষ্ট মেচত মুঠ ১০১৪ ৰান সংগ্ৰহ কৰিছে।এখন টেষ্ট মেচত ১০০০+ ৰান সংগ্ৰহ কৰি বিশ্বৰ পঞ্চমখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত।
টেষ্ট ক্ৰিকেটত ষষ্ঠবাৰৰ বাবে এটা দলে এখন টেষ্ট মেচত ১০০০+ ৰান সংগ্ৰহ কৰিছে।এয়া ভাৰতৰ একক টেষ্ট মেচত সৰ্বাধিক স্ক’ৰ।
ইয়াৰ পূৰ্বে ২০০৪ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্ট মেচত ভাৰতে মুঠ ৯১৬ ৰান সংগ্ৰহ কৰিছিল।এতিয়া ভাৰতে নিজৰ অভিলেখ ভংগ কৰিছে।
লগতে পঢ়ক: ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস; ৫২ বলত অৰ্জন কৰিলে বিস্ফোৰক শতক