ৰবটিক্সৰ অধ্যয়নৰ কথা আপুনি নিশ্চয় শুনিছে।কেৰালাত এই ৰবটিক্সৰ অধ্যয়নৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে।
এক উল্লেখযোগ্য পদক্ষেপত ৰাজ্য খনৰ চৰকাৰে দশম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ৰবটিক্স শিক্ষণ বাধ্যতামূলক কৰিছে।
ইয়াৰ লগে লগে কেৰালা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শৈক্ষিক ছিজনত এই বিষয়টো ছাত্ৰ-ছাত্ৰীক শিকোৱা হ’ব।
দশম শ্ৰেণীৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই চি টি) গ্ৰন্থত ‘ৰবটৰ জগত’ শীৰ্ষক এটা অধ্যায় সংযোজন কৰা হৈছে।ইয়াত ৰবটিক্সৰ মৌলিক বুজাবুজিৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।
কিটিআই (কেৰালা ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড টেকন’লজি ফৰ এডুকেচন)ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আইচিটিৰ পাঠ্যপুথি সমিতিৰ অধ্যক্ষ কে আনোৱাৰ সাদাথে এক বিবৃতিত কয় যে দশম শ্ৰেণীৰ আইচিটি (তথ্য আৰু যোগাযোগ প্ৰযুক্তি) পাঠ্যপুথিত ৰবটিক্স অন্তৰ্ভুক্ত কৰা হৈছে।
বিশেষকৈ প্ৰথম খণ্ড ‘ৰবটৰ জগত’ৰ ৬ নং অধ্যায়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় কাৰ্য্যকলাপৰ জৰিয়তে ৰবটিক্সৰ মৌলিক বুজাবুজি শিকিব।