উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত তাজমহলৰ নিৰাপত্তা সন্দৰ্ভত পুনৰ জাৰি কৰা হৈছে হাই এলাৰ্ট।শেহতীয়াকৈ পাকিস্তানত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘সিন্দূৰ’ অভিযানৰ পিছত নিৰাপত্তা সন্দৰ্ভত কেন্দ্ৰৰ পৰা বিশেষ নিৰ্দেশনা আহিছে।ইয়াৰ পিছত তাজমহলৰ ইয়েল্ল জ’নত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে।
আগ্ৰা আৰক্ষী আয়ুক্তৰ তাজ নিৰাপত্তা ইউনিটে সমগ্ৰ তাজ কমপ্লেক্স আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰি তুলিছে।
তাজমহলত ইয়েল্ল জ’নত হাই এলাৰ্ট জাৰি কৰাৰ পিছত ২৪ ঘণ্টাই ৯টা চেকিং বেৰিয়াৰ, ছটা ৱাচ টাৱাৰ আৰু আঠটা বুলেট প্ৰুফ ফ্ৰণ্ট সক্ৰিয় হৈ আছে।ইয়াৰ উপৰিও দুখন কিউআৰটিয়ে অবিৰতভাৱে টহল দি আছে।
চৌহদটোৰ ভিতৰত আৰু বাহিৰত চিচিটিভি কেমেৰাৰে নিৰীক্ষণ কৰা হৈছে।তাজমহলৰ আশে-পাশে থকা চেকিং পইণ্টত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।নিৰাপত্তা সংস্থাসমূহেও ওচৰৰ হোটেলসমূহৰ তদন্ত আৰম্ভ কৰিছে।
পৰ্যটকসকলক সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছে।
বিদেশী আৰু ঘৰুৱা পৰ্যটকৰ তথ্য স্থানীয় চোৰাংচোৱা ইউনিট (এল আই ইউ)ক প্ৰদান কৰা হৈছে যাতে কোনো পঞ্জীয়ন অবিহনে নাথাকে।তাজমহলৰ নিৰাপত্তাৰ ওপৰত এতিয়া ২৪ ঘন্টাই কঠোৰ নজৰ ৰখা হৈছে।