তাজমহলৰ ৰূপত মুগ্ধ ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফানী, শ্বেয়াৰ কৰিলে ফটো

বৰ্তমান এক ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰতত থকা টিফানী আৰু তেওঁৰ স্বামী তথা আমেৰিকান-লেবানিজ ব্যৱসায়ী মাইকেল ব’লোছে শনিবাৰে আবেলি তাজমহল দৰ্শন কৰে

বিশ্বৰ অন্যতম সপ্তাচৰ্য আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত এইবাৰ মোহিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা টিফানী ট্ৰাম্প । বৰ্তমান এক ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰতত থকা টিফানী আৰু তেওঁৰ স্বামী তথা আমেৰিকান-লেবানিজ ব্যৱসায়ী মাইকেল ব’লোছে শনিবাৰে আবেলি তাজমহল দৰ্শন কৰে । ১৭ শতিকাৰ এই ঐতিহাসিক স্মৃতিস্তম্ভটোৰ চহকী ইতিহাস আৰু অপূৰ্ব স্থাপত্যশৈলী প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে দম্পতীহাল ।

তাজমহল ভ্ৰমণৰ এটা সুন্দৰ ছবি ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) শ্বেয়াৰ কৰি টিফানীয়ে কেপচনত লিখিছে- “দ্য ষ্টানিং তাজমহল” । ছবিখনত দুয়োকে তাজমহলৰ আকৰ্ষণীয় পটভূমিত হাতত ধৰা-ধৰিকৈ হাঁহিমুখে প’জ দিয়া দেখা গৈছে ।

অক্ষৰধাম মন্দিৰো দৰ্শন কৰিলে দম্পতীহালে-

তাজমহললৈ যোৱাৰ পূৰ্বে, যোৱা শুকুৰবাৰে টিফানী আৰু মাইকেলে বন্ধু-বৰ্গৰ সৈতে নতুন দিল্লীৰ বিখ্যাত ‘বিএপিএছ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰ’  দৰ্শন কৰিছিল । অক্ষৰধামৰ আধ্যাত্মিক পৰিৱেশ আৰু ভাৰতীয় ঐতিহ্যক টিফানীয়ে “অসাধাৰণ” বুলি বৰ্ণনা কৰে । ইফালে, অক্ষৰধাম কৰ্তৃপক্ষয়ো এক্সত এটা পোষ্ট কৰি টিফানী ট্ৰাম্প আৰু তেওঁৰ দলটোক আদৰিবলৈ পাই গৌৰৱান্বিত বুলি প্ৰকাশ কৰে ।

কোন এই টিফানী ট্ৰাম্প ?

উল্লেখ্য যে, টিফানী ট্ৰাম্প হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰাক্তন পত্নী মাৰ্লা মেপলছৰ চতুৰ্থ সন্তান । ২০২০ চনত জৰ্জটাউন ইউনিভাৰ্চিটি ল’ চেন্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰা টিফানীয়ে ২০২২ চনৰ ১২ নৱেম্বৰত ব্যৱসায়ী মাইকেল ব’লোছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । বৰ্তমান দুয়োৰে এই ভাৰত ভ্ৰমণৰ ছবিসমূহে ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক : ভাৰত ভ্ৰমণলৈ আহিব ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প; কৰিব তাজমহল পৰিদৰ্শন

সপত্নীক তাজমহল দৰ্শন আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ই আজি পত্নী জেনেট ডি ৰুবিঅ’ৰ সৈতে আগ্ৰাৰ ঐতিহাসিক তাজমহল দৰ্শন কৰে

চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ই আজি পত্নী জেনেট ডি ৰুবিঅ’ৰ সৈতে আগ্ৰাৰ ঐতিহাসিক তাজমহল দৰ্শন কৰে । বিশ্বৰ অন্যতম আশ্চৰ্য তথা প্ৰেমৰ প্ৰতীক হিচাপে খ্যাত তাজমহল ভ্ৰমণৰ সময়ত তেওঁলোকৰ সৈতে ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰেও সংগ দিয়ে । উল্লেখ্য যে, বিগত বৰ্ষত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেঞ্চে সপৰিয়ালে এই ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নটো দৰ্শন কৰাৰ লগতে ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও প্ৰথম মহিলা মেলানিয়া ট্ৰাম্পৰ সৈতে তাজমহল ভ্ৰমণ কৰি ভাৰতৰ চহকী সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰিছিল ।

কূটনৈতিক তৎপৰতা: মোদী আৰু জয়শংকৰৰ সৈতে বৈঠক

কলকাতাৰ ‘মিছনাৰীজ অৱ চেৰিটি’ৰ পৰা নিজৰ ভাৰত ভ্ৰমণৰ সূচনা কৰা আমেৰিকাৰ বৈদেশিক সচিবগৰাকীয়ে ইতিধিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে । ইয়াৰ উপৰি তেওঁ নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এক দ্বিপাক্ষিক প্ৰতিনিধি দল পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে ।

কাইলৈ নতুন দিল্লীত ‘কোৱাড’ সন্মিলন-

ৰুবিঅ’ৰ এই ভাৰত ভ্ৰমণৰ মূল লক্ষ্য হৈছে মঙলবাৰে অৰ্থাৎ ২৬ মে’ত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘কোৱাড’ সন্মিলন । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া চতুৰ্ভুজ নিৰাপত্তা বাৰ্তালাপৰ এই উচ্চস্তৰীয় সমাৱেশত অংশ ল’ব ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানৰ বৈদেশিক মন্ত্ৰীসকলে ।

আলোচনাৰ মুখ্য বিষয়সূচী :

-ইণ্ডো-পেচিফিক (ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল)ৰ সাম্প্ৰতিক নিৰাপত্তা ব্যৱস্থা ।

-পশ্চিম এছিয়াত দিনক দিনে বৃদ্ধি পোৱা সামৰিক তথা কূটনৈতিক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰ্যালোচনা ।

বিশ্বৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এই কোৱাড সন্মিলনক অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক : মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত

তাজমহলৰ সুৰক্ষাত হাই এলাৰ্ট! ৯ টালৈ বৃদ্ধি ছেকিং পইণ্টে, ৰাখিছে ৮টাকৈ বুলেট প্ৰুফ ফ্ৰণ্ট

উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত তাজমহলৰ নিৰাপত্তা সন্দৰ্ভত পুনৰ জাৰি কৰা হৈছে হাই এলাৰ্ট।শেহতীয়াকৈ পাকিস্তানত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘সিন্দূৰ’ অভিযানৰ পিছত নিৰাপত্তা সন্দৰ্ভত কেন্দ্ৰৰ পৰা বিশেষ নিৰ্দেশনা আহিছে।ইয়াৰ পিছত তাজমহলৰ ইয়েল্ল জ’নত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে।

আগ্ৰা আৰক্ষী আয়ুক্তৰ তাজ নিৰাপত্তা ইউনিটে সমগ্ৰ তাজ কমপ্লেক্স আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰি তুলিছে।

তাজমহলত ইয়েল্ল জ’নত হাই এলাৰ্ট জাৰি কৰাৰ পিছত ২৪ ঘণ্টাই ৯টা চেকিং বেৰিয়াৰ, ছটা ৱাচ টাৱাৰ আৰু আঠটা বুলেট প্ৰুফ ফ্ৰণ্ট সক্ৰিয় হৈ আছে।ইয়াৰ উপৰিও দুখন কিউআৰটিয়ে অবিৰতভাৱে টহল দি আছে।

চৌহদটোৰ ভিতৰত আৰু বাহিৰত চিচিটিভি কেমেৰাৰে নিৰীক্ষণ কৰা হৈছে।তাজমহলৰ আশে-পাশে থকা চেকিং পইণ্টত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।নিৰাপত্তা সংস্থাসমূহেও ওচৰৰ হোটেলসমূহৰ তদন্ত আৰম্ভ কৰিছে।

পৰ্যটকসকলক সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছে।

বিদেশী আৰু ঘৰুৱা পৰ্যটকৰ তথ্য স্থানীয় চোৰাংচোৱা ইউনিট (এল আই ইউ)ক প্ৰদান কৰা হৈছে যাতে কোনো পঞ্জীয়ন অবিহনে নাথাকে।তাজমহলৰ নিৰাপত্তাৰ ওপৰত এতিয়া ২৪ ঘন্টাই কঠোৰ নজৰ ৰখা হৈছে।