তাজমহলৰ ৰূপত মুগ্ধ ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফানী, শ্বেয়াৰ কৰিলে ফটো

তাজমহলৰ ৰূপত মুগ্ধ ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফানী, শ্বেয়াৰ কৰিলে ফটো

বৰ্তমান এক ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰতত থকা টিফানী আৰু তেওঁৰ স্বামী তথা আমেৰিকান-লেবানিজ ব্যৱসায়ী মাইকেল ব’লোছে শনিবাৰে আবেলি তাজমহল দৰ্শন কৰে বিশ্বৰ অন্যতম সপ্তাচৰ্য আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত এইবাৰ মোহিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা টিফানী ট্ৰাম্প । বৰ্তমান এক ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰতত থকা টিফানী আৰু

বৰ্তমান এক ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰতত থকা টিফানী আৰু তেওঁৰ স্বামী তথা আমেৰিকান-লেবানিজ ব্যৱসায়ী মাইকেল ব’লোছে শনিবাৰে আবেলি তাজমহল দৰ্শন কৰে

বিশ্বৰ অন্যতম সপ্তাচৰ্য আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত এইবাৰ মোহিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা টিফানী ট্ৰাম্প । বৰ্তমান এক ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰতত থকা টিফানী আৰু তেওঁৰ স্বামী তথা আমেৰিকান-লেবানিজ ব্যৱসায়ী মাইকেল ব’লোছে শনিবাৰে আবেলি তাজমহল দৰ্শন কৰে । ১৭ শতিকাৰ এই ঐতিহাসিক স্মৃতিস্তম্ভটোৰ চহকী ইতিহাস আৰু অপূৰ্ব স্থাপত্যশৈলী প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে দম্পতীহাল ।

তাজমহল ভ্ৰমণৰ এটা সুন্দৰ ছবি ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) শ্বেয়াৰ কৰি টিফানীয়ে কেপচনত লিখিছে- “দ্য ষ্টানিং তাজমহল” । ছবিখনত দুয়োকে তাজমহলৰ আকৰ্ষণীয় পটভূমিত হাতত ধৰা-ধৰিকৈ হাঁহিমুখে প’জ দিয়া দেখা গৈছে ।

অক্ষৰধাম মন্দিৰো দৰ্শন কৰিলে দম্পতীহালে-

তাজমহললৈ যোৱাৰ পূৰ্বে, যোৱা শুকুৰবাৰে টিফানী আৰু মাইকেলে বন্ধু-বৰ্গৰ সৈতে নতুন দিল্লীৰ বিখ্যাত ‘বিএপিএছ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰ’  দৰ্শন কৰিছিল । অক্ষৰধামৰ আধ্যাত্মিক পৰিৱেশ আৰু ভাৰতীয় ঐতিহ্যক টিফানীয়ে “অসাধাৰণ” বুলি বৰ্ণনা কৰে । ইফালে, অক্ষৰধাম কৰ্তৃপক্ষয়ো এক্সত এটা পোষ্ট কৰি টিফানী ট্ৰাম্প আৰু তেওঁৰ দলটোক আদৰিবলৈ পাই গৌৰৱান্বিত বুলি প্ৰকাশ কৰে ।

কোন এই টিফানী ট্ৰাম্প ?

উল্লেখ্য যে, টিফানী ট্ৰাম্প হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰাক্তন পত্নী মাৰ্লা মেপলছৰ চতুৰ্থ সন্তান । ২০২০ চনত জৰ্জটাউন ইউনিভাৰ্চিটি ল’ চেন্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰা টিফানীয়ে ২০২২ চনৰ ১২ নৱেম্বৰত ব্যৱসায়ী মাইকেল ব’লোছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । বৰ্তমান দুয়োৰে এই ভাৰত ভ্ৰমণৰ ছবিসমূহে ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক : ভাৰত ভ্ৰমণলৈ আহিব ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প; কৰিব তাজমহল পৰিদৰ্শন