আমাৰ জীৱনলৈ কৃত্ৰিম বুদ্ধিমত্তা অহাৰ পিছৰে পৰা বহু পৰিৱৰ্তন ঘটিছে।বিশেষকৈ কাৰ্যালয়ত এই প্ৰযুক্তিৰ বাবে কাম সহজ হৈ পৰিছে, একে সময়তে চাকৰিৰ প্ৰতিও ভাবুকি আহিছে।কিন্তু এআইৰ বুদ্ধিমত্তাক অতিমাত্ৰা ব্যৱহাৰ কৰি এতিয়া বিপদত পৰিছে ছুইডেনৰ ফিনটেক কোম্পানীটো।
ছুইডেনৰ কোম্পানী ক্লাৰ্নাই ভাবিছিল যে এআইৰ দ্বাৰা কামটো কৰি দিলে ধন ৰাহি হ’ব। টকাখিনি সঞ্চয় হ’ল যদিও মাত্ৰ ২ বছৰতে AI এ নিজৰ সুনাম নষ্ট কৰি পেলালে।
ক্লাৰ্নাই এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে কৰ্মশক্তি হ্ৰাস কৰাৰ সময়ত শিৰোনাম দখল কৰিছিল। ২০২৩ চনত কোম্পানীটোৱে নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰি অটোমেচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।OpenAI ৰ সৈতে অংশীদাৰিত্বৰে ইয়াৰ বহুতো গ্ৰাহক সেৱা পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।
উল্লেখ্য যে ২০২৩ চনত ক্লাৰ্নাৰ চিইঅ’, চেবাষ্টিয়ান ছিমিয়াটকোভস্কিয়ে এই দাবী কৰি বহু মানুহৰ চাকৰি কাঢ়িছিল যে, এআইয়ে মানৱ কৰ্মচাৰীৰ দৰেই কাম কৰিব পাৰে।
কোম্পানীটোৱে কয় যে তেওঁলোকৰ এআই ব্যৱস্থাই ৭০০ গ্ৰাহক সেৱা এজেণ্টৰ কাম সম্পন্ন কৰি আছে। কেৱল এয়াই নহয়, ইয়াৰ ফলত এক কোটি ডলাৰতকৈ অধিক অৰ্থাৎ ৫০ লাখ ডলাৰৰ সঞ্চয়ও হ’ল। উৎপাদন আৰু তথ্য বিশ্লেষণৰ দৰে কামত ৮৫ কোটি টকা।
এক সাক্ষাৎকাৰত ক্লাৰ্নাৰ চিইঅ’ই স্বীকাৰ কৰে যে এআই এজেণ্টসকলে কৰা কাম আশা কৰা ধৰণৰ মানদণ্ডৰ তলত।
তেওঁ স্বীকাৰ কৰে যে খৰচ কমা আৰু অটোমেচনৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতাই কোম্পানীটোৰ গ্ৰাহকৰ অভিজ্ঞতাৰ যথেষ্ট ক্ষতি কৰিছে।
তেওঁ কয় যে ব্ৰেণ্ড আৰু কোম্পানীটোৰ দৃষ্টিকোণৰ পৰা গ্ৰাহকক সদায় জনোৱাটো গুৰুত্বপূৰ্ণ যে তেওঁলোকৰ বাবে মানুহ উপলব্ধ হ’ব।
তেওঁ স্পষ্টকৈ কয় যে এআইৰ বাবে গুণগত মান বহু অৱনমিত হৈছে আৰু এতিয়া তেওঁলোকে ভৱিষ্যতে মানৱ কৰ্মচাৰী নিয়োগ কৰিব।