ৰাহুল গান্ধীক ধমক উচ্চতম ন্যায়ালয়ৰ
ৰাহুল গান্ধীয়ে ভাৰতীয় সেনাক লৈ কৰা কথিত মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত মানহানিৰ গোচৰত ৰায় দিয়ে।
ভাৰতীয় সেনাক লৈ কৰা মন্তব্য সন্দৰ্ভত মানহানিৰ গোচৰত ৰাহুল গান্ধীক ডাঙৰ সকাহ দিছে উচ্চতম ন্যায়ালয়ে।লক্ষ্ণৌৰ বিচাৰ আদালতৰ চমন স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে।
অৱশ্যে সোমবাৰে শুনানিৰ সময়ত আদালতে ৰাহুলক ধমক দি কয় যে, আপুনি কেনেকৈ গম পালে যে চীনে ভাৰতৰ ২০০০ কিলোমিটাৰ মাটি দখল কৰিছে? আপুনি যদি এজন প্ৰকৃত ভাৰতীয় হ’লহেঁতেন তেন্তে এই কথা নক’লেহেঁতেন।
দৰাচলতে ২০২২ চনৰ ৯ ডিচেম্বৰত ভাৰত আৰু চীনৰ সেনাৰ সংঘৰ্ষৰ পিছত ভাৰতীয় সেনাক লৈ কৰা কথিত মন্তব্যক লৈ লোকসভাৰ নেতা তথা কংগ্ৰেছ সাংসদ গৰাকীক সকাহ দিয়া হয়।
তেওঁক জাৰি কৰা চমন স্থগিত ৰখা হয়। উচ্চতম ন্যায়ালয়ে মূল আবেদনকাৰীক জাননী জাৰি কৰি তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছিল।
এই নিৰ্দেশ ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ এ জি মাছিৰ বিচাৰপীঠে প্ৰদান কৰে।শুনানিৰ সময়ত ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ এ জি মাছিৰ বিচাৰপীঠে ৰাহুল গান্ধীয়ে দিয়া বক্তব্যৰ সৈতে মতানৈক্য প্ৰকাশ কৰে।
কংগ্ৰেছৰ সাংসদ গৰাকীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় প্ৰথমতে যুক্তি দিছিল যে যদি কোনো বিৰোধী নেতাই বিষয় উত্থাপন কৰিব নোৱাৰে তেন্তে সেয়া এক দুৰ্ভাগ্যজনক পৰিস্থিতি হ’ব।
দৰাচলতে মে’ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌৰ সাংসদ-বিধায়ক আদালতে গৃহীত কৰা চমন আদেশক প্ৰত্যাহ্বান জনাই ৰাহুলৰ আবেদন নাকচ কৰিছিল।ইয়াৰ পিছতে তেওঁ উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰিলে। আৰু অৱশেষত আজি সকাহ পালে।
লগতে পঢ়ক: এটা যুগৰ অন্ত ;ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ দেহাৱসান