সুনীল গাভাস্কাৰৰ ডাঙৰ মন্তব্য
অ’ভেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ভাৰতে পঞ্চমখন টেষ্ট মেচত যুঁজ দি আছে।ইংলেণ্ডৰ জয়ৰ বাবে ভাৰতে ৩৭৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।
চতুৰ্থ ইনিংছত ইংলেণ্ডে ৬টা উইকেট হেৰুৱাই ৭৬.২ অভাৰত ৩৩৯ ৰান সংগ্ৰহ কৰে।যদি ভাৰতে এই টেষ্ট মেচত জয়ী হয় তেন্তে ই এক অলৌকিকতাতকৈ কম নহয়।
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা অ’ভেল টেষ্টৰ সময়ত ভাৰতীয় প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰে এটা ডাঙৰ বক্তব্য দাঙি ধৰিছে৷
অ’ভাল টেষ্ট মেচৰ পৰিস্থিতি আৰু শৃংখলাত ভাৰতৰ প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গাভাস্কাৰে যি মন্তব্য কৰিছে সেই মন্তব্যই হাহাকাৰ সৃষ্টি কৰিছে। গাভাস্কাৰে টেনিছৰ উদাহৰণ দাঙি ধৰিছে।
তেওঁ কয় যে, “সামগ্ৰিকভাৱে যদি আপুনি সকলো খেলক একত্ৰিত কৰে তেন্তে ইয়াৰ দৰে কিবা এটা হ’ব, যেনেকৈ এটা দলে অধিক খেলত জয়লাভ কৰিছে, আনটো দলে অধিক ছেট জিকিছে।
তেওঁ লগতে কয় যে, ‘আপুনি এনেকৈ ক’ব পাৰে, কিন্তু দিনৰ শেষত ফলাফলটোৱেই গুৰুত্বপূৰ্ণ।’ যদিহে ভাৰতে এই মেচত জয়ী হৈ শৃংখলা সমতা নকৰে,স্বীকাৰ কৰিব লাগিব যে ইংলেণ্ড এটা ভাল দল।ইয়াত সেইটো ডাঙৰ কথা নহয় যে আপুনি কিমান শৃংখলাত জয়ী হৈছে’।
লগতে পঢ়ক: পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ… ডি ভিলিয়াৰ্ছৰ বিস্ফোৰক শতক