শ্ৰীলংকাক মোক্ষম আঘাত
১০ জুলাইৰ পৰা আৰম্ভ হ’ব শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত তিনিখন খেলৰ টি-২০ শৃংখলা।শৃংখলা আৰম্ভ হোৱাৰ ঠিক আগতেই শ্ৰীলংকাৰ দলটোৱে এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।
দলটোৰ তাৰকা স্পিনাৰ ৱানিন্দু হাছাৰাংগা সমগ্ৰ ছিৰিজৰ পৰা বাহিৰ হৈছে। ভৰিৰ আঘাতৰ বাবে তেওঁ ছিৰিজৰ পৰা আঁতৰি আছে।
এই আঘাতৰ পিছত হাছৰাংগা কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব পাৰিব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই।
এদিনীয়া খেলখনত হৈছিল আঘাতপ্ৰাপ্ত
জানিব পৰা মতে, এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত হাছৰংগাৰ সোঁ ভৰিত আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ পিছত তেওঁক যথেষ্ট কষ্ট পোৱা দেখা গৈছিল।
সেই মেচখনত দলটোৱে ৯৯ ৰানত জয়লাভ কৰাৰ লগতে ২-১ শৃংখলাটোও জয় কৰে। অধিনায়ক চৰিথ আছলংকাই কয় যে তিনিখন মেচৰ শৃংখলাৰ বাবে হাছাৰাংগাৰ ঠাইত জেফ্ৰি ভাণ্ডাৰছেই দলত স্থান লাভ কৰিব।
হাছাৰাংগাৰ প্ৰস্থান দলৰ বাবে এক ডাঙৰ আঘাত। সীমিত অভাৰৰ ক্ৰিকেটত তেওঁ আমাৰ ছুপাৰষ্টাৰ। এতিয়া তেওঁ কলম্বোলৈ উভতি আহি হাই পাৰফৰমেন্স চেণ্টাৰত পুনৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ কৰিব।
লগতে পঢ়ক: লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা