মুখ্যমন্ত্ৰী ধামীৰ কঠোৰ নিৰ্দেশ
উত্তৰাখণ্ডত কাঁৱাৰ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।ৰাজ্যখনৰৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বৃহস্পতিবাৰে হৰিদ্বাৰত কানৱাৰ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ধামীয়ে কাঁৱাৰ যাত্ৰাৰ সময়ত পুনৰ থু জেহাদৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে বিষয়াসকলক কঠোৰ নিৰ্দেশ জাৰি কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাঁৱাৰ যাত্ৰাৰ সময়ত যাতে ভক্তক অশুদ্ধ খাদ্য পৰিবেশন নকৰে তাৰ বাবেও কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
থু জেহাদক লৈ কি ক’লে মুখ্যমন্ত্ৰী ধামীয়ে?
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে কয়-‘হৰিদ্বাৰলৈ অহা কাঁৱৰীয়াসকল যাতে ভাল অভিজ্ঞতা লৈ ঘূৰি যায় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।ইয়াৰ পূৰ্বেও কাঁৱাৰ যাত্ৰাৰ সময়ত ‘থু জেহাদ’ৰ ঘটনা সংঘটিত হৈছে”।
“কিন্তু এইবাৰ যাতে তেনে কোনো ঘটনাটা সংঘটিত নহয় তাৰ বাবে বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে। আৰু তাৰ বাবে নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছে।”
লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত