স্পেইনৰ বিদ্যুৎ গ্ৰীডৰ পৰা বিদ্যুৎ যোগান ব্যাপকভাৱে কৰ্তন হোৱাৰ পিছতে দেশখনৰ বহু অংশ আন্ধাৰত ডুব গৈছে । স্পেইনৰ উপৰিও ফ্ৰান্স আৰু পৰ্তুগালো এই বিদ্যুৎ কৰ্তনৰ সমস্যাৰ সন্মুখীন হৈছে । স্পেইনৰ পাৱাৰ গ্ৰীড অপাৰেটৰ ৰেড ইলেক্ট্ৰিকাই সোমবাৰে (২৮ এপ্ৰিল) স্পেইন আৰু পৰ্তুগালৰ বৃহৎ অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ পিছত শক্তি কোম্পানীসমূহৰ সৈতে বিদ্যুৎ পুনৰুদ্ধাৰৰ বাবে কাম কৰি আছে বুলি কয় ।
বি বি চিৰ বাতৰি অনুসৰি স্পেইনৰ ৰাষ্ট্ৰীয় ৰে’ল কোম্পানী ৰেনফে কয় যে স্থানীয় সময় অনুসৰি পুৱা ১২:৩০ বজাত দেশখনৰ “সমগ্ৰ ৰাষ্ট্ৰীয় বিদ্যুৎ গ্ৰীড বিচ্ছিন্ন হৈ পৰিছে ।” ৰেনফে কয় যে ৰে’লসমূহ বন্ধ কৰি দিয়া হৈছিল আৰু কোনো ষ্টেচনৰ পৰা কোনো ৰে’ল অহা-যোৱা কৰা নাই ।
বিদ্যুৎ বিচ্ছিন্নতাৰ ফলত বাৰ্ষিক ক্লে ক’ৰ্ট টেনিছ প্ৰতিযোগিতা মাদ্ৰিদ অ’পেনতো প্ৰভাৱ পৰিছিল আৰু খেল বন্ধ কৰিবলগীয়া হৈছিল । খেল বন্ধ হোৱাৰ বাবে ব্ৰিটিছ টেনিছ খেলুৱৈ জেকব ফেয়াৰ্নলিয়ে ক’ৰ্ট এৰি যাবলৈ বাধ্য হয় ।
বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ফলত প্ৰতিযোগিতাখনৰ স্ক’ৰব’ৰ্ডত প্ৰভাৱ পৰাৰ লগতে ক’ৰ্টৰ ওপৰত স্থাপন কৰা কেমেৰাৰ কাম বন্ধ হৈ পৰে ।
স্পেইন আৰু পৰ্তুগালত এনে ব্যাপক বিদ্যুৎ কৰ্তন বিৰল । স্পেইনৰ ৰাজহুৱা সম্প্ৰচাৰক আৰ টি ভি ইয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২:৩০ বজাত দেশৰ কেইবাটাও অঞ্চলত বৃহৎ বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ফলত ইয়াৰ নিউজ ৰুম, মাদ্ৰিদৰ স্পেইনৰ সংসদ আৰু সমগ্ৰ দেশৰ মেট্ৰ’ ষ্টেচনসমূহ আন্ধাৰ হৈ পৰে ।