অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ
শেহতীকৈ অধিক অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ । অসম, ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত বিগত ৬ দিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বান আৰু ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহু পথ বন্ধ হৈ পৰিছে । প্ৰাকৃতিক দুৰ্যোগে উত্তৰ-পূৱৰ পৰিস্থিতি শোচনীয় কৰি তুলিছে । ব্ৰহ্মপুত্ৰকে ধৰি ৭খন নদী বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাৰ লগতে শ শ বাসগৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । এই পৰ্যন্ত বৰষুণ-বান সম্পৰ্কীয় ঘটনাত ৫০ জন লোকে প্ৰাণ হেৰুৱাইছে, ইয়াৰে সৰ্বাধিক ১৯ জন অসমৰ । ১৫০০ৰো অধিক লোক জলমগ্ন হৈছে, প্ৰায় ৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু হাজাৰ হাজাৰ লোক সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে ।
উত্তৰ ছিকিমৰ চতনত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বহু লোক আবদ্ধ হৈ পৰিছে । আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে সেনা আৰু বায়ুসেনাই অভিযান চলাইছে । বাটত আবদ্ধ হৈ থকা ১১৩ গৰাকী পৰ্যটকক কঠিন পথেৰে লাচেন গাঁৱলৈ লৈ যোৱা হৈছে যদিও এই গাঁওখন ভূমিস্খলনৰ বাবে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । এই পৰ্যটকসকলক উদ্ধাৰৰ অভিযান বুধবাৰে বেয়া বতৰৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল । জানিব পৰা মতে বান আৰু ভূমিস্খলনৰ ফলত অসমত ১৯ জনৰ মৃত্যু হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশত ১২ জন, মেঘালয়ত ৬ জন, মিজোৰামত ৫ জন, ছিকিমত ৪ জন, ত্ৰিপুৰাত ২ জন আৰু নাগালেণ্ড আৰু মণিপুৰত এজনকৈ লোকৰ মৃত্যু হৈছে ।
অৰুণাচলত ৩ হাজাৰ লোক আক্ৰান্ত-
ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনে অৰুণাচলৰ ২৩খন জিলাত তিনি হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে । এই পৰ্যন্ত বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে । সন্ধানহীন হৈছে দুজন লোক । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চাংলাং জিলাত ৬ খন গাঁও ডুব গৈছে, ২১২টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ২,২৩১ জন লোক গৃহহীন হৈছে । দিবাং উপত্যকা আৰু অঞ্জা জিলাৰ লগতে মাগী আৰু ছিজিৰ সমীপৰ লিকাবালি-আলো ঘাইপথত হোৱা ভূমিস্খলনে যান-বাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰিছে । লগতে ৰাজ্যখনৰ বহু ডাঙৰ নদী ওফন্দি উঠিছে ।
ব্ৰহ্মপুত্ৰকে ধৰি ৭খন নদী বিপদ সীমাৰ ওপৰত-
অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা আৰু কোকৰাঝাৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । ইতিমধ্যে ব্ৰহ্মপুত্ৰকে ধৰি ৭খন নদী বিপদ সীমাৰ ওপৰেৰে বৈছে আৰু ২১খন জিলাৰ ১৫০৬খন গাঁও বানত ডুব গৈছে । বুধবাৰে আৰু দুজন লোকৰ মৃত্যু হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে । প্ৰায় ৬.৮০ লাখ লোক এই দুৰ্যোগত আক্ৰান্ত হৈছে ।
মণিপুৰ আৰু ত্ৰিপুৰাৰ বান সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অধীনস্থ আছাম ৰাইফলছে অপাৰেচন জল ৰাহাট-২ চলাই আছে । ইয়াৰ অধীনত বানপীড়িত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকক মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী যোগান ধৰা হৈছে । দুয়োখন ৰাজ্যতে দুই লাখৰো অধিক লোক আক্ৰান্ত হৈছে ।
লগতে পঢ়ক : লকআপত পাব সুস্বাদু খাদ্য ; চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৪০ বছৰ পুৰণি এইখন আৰক্ষী থানা