অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট
জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এহাজাৰ দাখিল কৰা হৈছে।সমগ্ৰ অসমবাসীয়ে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে। তাৰ মাজতে সামাজিক মাধ্যমত শ্যামকানু মহন্তই দিছে এটা বিশেষ পোষ্ট।
পোষ্টটোৰ শ্যামকানু মহন্তই লিখিছে যে,শ্ৰদ্ধেয় ৰাইজ, এই মহা শোকৰ সময়ত আজি ভীষণ পীড়া, শোক আৰু কষ্টৰে এই কথাখিনি ক’বলৈ লৈছো।
জাতিটোৰ সম্পদ জুবিন গাৰ্গৰ অভাৱনীয় মৃত্যু সমগ্ৰ ৰাজ্যখনৰ বাবে এক ভয়ানক খবৰ। এই মৃত্যু অপূৰণীয়।মই জুবিনক জোৰ কৰি ছিংগাপুৰলৈ নিয়া নাছিলো বৰঞ্চ জুবিনে নিজেই মোক বিমানৰ টিকট কাটিবলৈ কৈছিল।

জুবিনে কৈছিল যে, “মোক আগতীয়াকৈ ডাইৰেক্ট ফ্লাইটত টিকেট কৰি দিবি। তালৈ গৈ মই দুদিনমান থাকিম, জিৰণি ল’ম। আমি মেনেজাৰ সিদ্ধাৰ্থৰ লগত কথা পাতি যাৱতীয় আয়োজন কৰিছিলো, ওচৰতে আছিলো”।
তেওঁ লগতে লিখিছে যে, যি সময়ত জুবিন ছিংগাপুৰৰ অসম এছচিয়েছনৰ সৈতে ফুৰিবলৈ গৈছিল সেই সময়ত মই ছিংগাপুৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগত উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ নেতৃত্ব আৰু উদ্যমী সকলৰ বৈঠক আছিলো।
যেতিয়া খবৰটো পাইছিলো মই তেতিয়া হাস্পতাললৈ ঢাপলি মেলো। আৰু ভাৰতীয় সময়মতে আবেলি ২.৪৪ বজাত ছিংগাপুৰৰ সময় অনুসৰি সন্ধিয়া ৫ বাজি ১৪ মিনিটত দুৰ্ভাগ্যজনক খবৰটো ডাক্তৰে ঘোষণা কৰে।
অসমৰ এই অমূল্য সম্পদভাগি আমাৰ মাজত আৰু নাই এই ঘটনাৰ পাছত চৌদিশে অন্ধকাৰ দেখিছিলো। অলপ সম্বিৎ ঘূৰাই পোৱাৰ পাছত অনুষ্ঠান বাতিল কৰা সমন্বিতে যাৱতীয় কামবোৰ কৰিবলগীয়া হৈছিল।
জুবিন আমাৰ বাবে ফ্ৰেণ্ড, ফিলছফাৰ, গাইড। আমাৰ অনুষ্ঠান কি কেনেদৰে কৰিম তেওঁৰ লগত আলোচনা কৰিহে তাৰিখ নিৰ্ধাৰণ কৰা হয়। আমি জুবিনৰ উপদেশমতে আগুৱাই যাওঁ।এনেকুৱা এজন মানুহৰ মৃত্যু মোৰ বাবে আপোন সত্ত্বাৰ মৃত্যু।
লগতে পঢ়ক: ‘আপোনালোকৰ মাজতেই জুবিন থাকিব’; অসমবাসীক কৃতজ্ঞতা জনালে গৰিমা শইকীয়া গাৰ্গে