পুনৰ গৰজিল শুভমন গীলৰ বেটে
পুনৰ দৰ্শনীয় প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয় জয় কৰিছে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলে । টিম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব পোৱাৰ পিছতেই এতিয়া শুভমন গীলৰ বেটৰ পৰা ৰানৰ বৰষুণ নামিছে । ইংলেণ্ড ভ্ৰমণত ধাৰাবাহিকভাৱে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াই অহা শুভমনে এতিয়া এডগবাষ্টনত ইতিহাস সৃষ্টি কৰিছে । এডগবাষ্টনত চলি থকা দ্বিতীয়খন টেষ্ট মেচত প্ৰথম ইনিংছত দ্বি শতক অর্জন কৰাৰ পাছত ভাৰতীয় অধিনায়ক গীলে দ্বিতীয় ইনিংছতো শতক অর্জন কৰিছে ৷ এডগবাষ্টন টেষ্টৰ চতুৰ্থ দিনা বেটিং কৰিবলৈ অহা গীলে দ্বিতীয় ইনিংছত উজ্জ্বল বেটিং কৰি শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে তেওঁ ভাৰতৰ দ্বিতীয়জন বেটছমেন আৰু এখন টেষ্ট মেচত দ্বি শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱম বেটছমেন হিচাপে পৰিগণিত হয় ।
দ্বি শতকৰ পিছত শতক অৰ্জন-
লিডছ টেষ্টত শতকৰে এই ভ্ৰমণ আৰু অধিনায়কত্বৰ কাৰ্যকাল আৰম্ভ কৰা শুভমন গীলে এডগবাষ্টনতো নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিছে । এই টেষ্টৰ প্ৰথম ইনিংছত ২৬৯ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰে গীলে । টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ ইনিংছ খেলি ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় তেওঁ । প্ৰথম ইনিংছত দ্বি শতক অৰ্জন কৰাৰ পিছত দ্বিতীয় ইনিংছতো শতক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰে গীলে, যিটো অতি কম সংখ্যক বেটছমেনে কৰিবলৈ সক্ষম হৈছে ।
শনিবাৰে এই টেষ্টৰ চতুৰ্থ দিনটোত যেতিয়া টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছ অব্যাহত ৰাখিবলৈ ওলাই আহিছিল, তেতিয়া দ্বিতীয়টো উইকেট অলপ সময়ৰ ভিতৰতে পতন ঘটে । ইয়াৰ পিছতে অধিনায়ক গীল খেলপথাৰত প্ৰৱেশ কৰে আৰু ইয়াৰ পিছত তেওঁ প্ৰথম ইনিংছত য’ৰ পৰা শেষ কৰিছিল তাৰ পৰাই বেটিং আৰম্ভ কৰিছিল । ইংলেণ্ডৰ কোনো বেটছমেনে গীলক সমস্যাত পেলোৱাত ব্যৰ্থ হয় আৰু দ্বিতীয় অধিবেশনত ভাৰতীয় অধিনায়কগৰাকীয়ে ১২৯ বলত স্মৰণীয় শতক সম্পূৰ্ণ কৰে । এয়া গীলৰ কেৰিয়াৰৰ অষ্টমটো শতক, এই ছিৰিজৰ তৃতীয় আৰু ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্ট শতক ।
৫৪ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি-
এই শতকৰ সৈতে গীলে এনেকুৱা কাম কৰিলে যিটো টেষ্ট ক্ৰিকেটৰ প্ৰায় ১৫০ বছৰীয়া ইতিহাসত ইয়াৰ আগতে মাত্ৰ ৮ বাৰহে হৈছে । টেষ্ট মেচত দ্বি শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় শুভমন গীল । কিন্তু আটাইতকৈ বিশেষ কথাটো হ’ল ভাৰতৰ পৰা এই অভিলেখ দ্বিতীয়বাৰৰ বাবেহে ঘটিছে । ইয়াৰ পূৰ্বে মহান বেটছমেন সুনীল গাভাস্কাৰে ৫৪ বছৰ পূৰ্বে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১২৪ ৰান আৰু দ্বিতীয় ইনিংছত ২২০ ৰান সংগ্ৰহ কৰিছিল । তেতিয়া গাভাস্কাৰ বিশ্বৰ দ্বিতীয়জন বেটছমেনহে আছিল । অৱশ্যে গীলৰ এই কৃতিত্বও বিশেষ কাৰণ তেওঁ অধিনায়ক হিচাপে এনে এক কৃতিত্ব অৰ্জন কৰিছে ।
লগতে পঢ়ক : এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ; বি চি চি আইয়ে জাৰি কৰিলে বিবৃতি