আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ শুভমন গীল
ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলক আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে । শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণত গীলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল । এই বঁটাৰ বাবে দৌৰত তেওঁ ইংলেণ্ডৰ টেষ্টৰ অধিনায়ক বেন ষ্ট’কছ আৰু দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ উইয়ান মাল্ডাৰক অতিক্ৰম কৰে । ২৫ বছৰীয়া বেটছমেনগৰাকীয়ে জুলাই মাহত খেলা তিনিখন টেষ্ট মেচত গড়ে ৯৪.৫০ ত ৫৬৭ ৰান সংগ্ৰহ কৰিছিল, য’ত দুটা শতকো অন্তৰ্ভুক্ত আছে । মহিলা শাখাত ইংলেণ্ডৰ বেটছমেন ছফিয়া ডাংকলেই এই বঁটা লাভ কৰে ।
চতুৰ্থবাৰৰ বাবে এই বঁটা লাভ-
শুভমন গীলে চতুৰ্থবাৰৰ বাবে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে, যিটো যিকোনো পুৰুষ খেলুৱৈৰ ভিতৰত সৰ্বাধিক । ইয়াৰ পূৰ্বে ২০২৩ চনৰ জানুৱাৰী, ২০২৩ চনৰ ছেপ্টেম্বৰ আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গীলে এই বঁটা লাভ কৰিছিল । ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে গীলৰ এয়া প্ৰথম ভ্ৰমণ আছিল আৰু ২৫ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এই সন্মান লাভ কৰাটো তেওঁৰ বাবে এক বৃহৎ সন্মান বুলি কয় । আই চি চিৰ উদ্ধৃতিৰে গীলে কয় যে, “জুলাই মাহৰ বাবে আই চি চিৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটোত আনন্দিত । এইবাৰ এই বঁটা আৰু অধিক গুৰুত্বপূৰ্ণ কাৰণ অধিনায়ক হিচাপে মোৰ প্ৰথম টেষ্ট শৃংখলাত মোৰ প্ৰদৰ্শনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ।“
গীলে কয়, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অধিনায়ক হিচাপে মোৰ বাবে এক শিক্ষণ অভিজ্ঞতা আছিল আৰু দুয়োটা দলে কিছুমান উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছিল, যিটো দুয়োটা দলৰ খেলুৱৈয়ে বহুদিনলৈ মনত ৰাখিব বুলি মই নিশ্চিত । এই বঁটাৰ বাবে মোক নিৰ্বাচিত কৰাৰ বাবে জুৰী আৰু এই ৰোমাঞ্চকৰ শৃংখলাৰ সময়ত মোৰ লগত থকা মোৰ সতীৰ্থসকলক ধন্যবাদ জনাইছো । আগন্তুক ছিজনতো মোৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ আৰু দেশলৈ আৰু অধিক বঁটা কঢ়িয়াই আনিবলৈ আগ্ৰহী ।
ইংলেণ্ড ভ্ৰমণত অধিনায়ক হিচাপে জিলিকি উঠিছিল গীল-
ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱা পাঁচখন টেষ্ট শৃংখলাত সন্মুখৰ পৰা আগবাঢ়ি থকা শুভমন গীলে বহু বেটিং অভিলেখ গঢ়িবলৈ সক্ষম হয় । ভাৰতৰ যুৱ দলটোৱে শৃংখলাটো ২–২ ব্যৱধানত সমতা স্থাপন কৰে । গীলে এই ছিৰিজত গড়ে ৭৫.৪০ আৰু চাৰিটা শতকৰ সহায়ত ৭৫৪ ৰান সংগ্ৰহ কৰে । লগতে তেওঁ দ্বি শতকো অৰ্জন কৰে । ২৫ বছৰীয়া বেটছমেনগৰাকীয়ে ভাৰতীয় অধিনায়কৰ শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰি সুনীল গাভাস্কাৰৰ অভিলেখ (৭৩২) ভংগ কৰে । গীলৰ এই প্ৰদৰ্শন এতিয়া সৰ্বকালৰ অধিনায়কৰ তালিকাত ছাৰ ড’নাল্ড ব্ৰেডমেন (৮১০ ৰান)ৰ পিছতে দ্বিতীয় স্থানত আছে ।
লগতে পঢ়ক : ২০২৫ৰ এদিনীয়া বিশ্বকাপৰ সূচী… জানক কেতিয়া আৰু কাৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় দল