মহাকাশত শুভাংশু শুক্লাৰ বিদায় অনুষ্ঠান
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত ঐতিহাসিক যাত্ৰা সম্পূৰ্ণ কৰি মহাকাশক বিদায় দিব ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লাই।
আজি সন্ধিয়া ৭:২৫ বজাত(ভাৰত সময় অনুসৰি) এই বিশেষ মুহূৰ্তটো বিদায় অনুষ্ঠান হিচাপে আয়োজন কৰা হয়।এই অনুষ্ঠানটো LIVE সম্প্ৰচাৰ কৰা হয়, যিটো অনুষ্ঠান সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে চাইছিল।
এক্স-৪ মিছন দলৰ সদস্য আৰু নাছাৰ এক্সপেডিচন ৭৩ দলৰ সদস্যসকলেও বিদায় কাৰ্যসূচীত অংশগ্ৰহণ কৰে।বিদায় অনুষ্ঠানত ভাৰতৰ বাবে এটা বাৰ্তা দিওঁতে শুভাংশুই কয় – সাৰে জাহান ছে আচ্ছা।
উল্লেখ্য যে, ২০২৫ চনৰ ২৬ জুনত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ জৰিয়তে শুভাংশু আৰু তেওঁৰ সংগীসকল এক্স-৪ মিছনলৈ গৈছিল।এই অভিযানত আমেৰিকাৰ অভিজ্ঞ মহাকাশচাৰী পেগী হুইটছন কামাণ্ডৰ ৰূপত আছিল।
বিদায়ী অনুষ্ঠানৰ পিছত ১৪ জুলাইৰ দুপৰীয়া ২:২৫ বজাত (IST) তেওঁলোক স্পেচএক্সৰ ড্ৰেগন বিমানত উঠিব আৰু প্ৰয়োজনীয় প্ৰি-ফ্লাইট চেক সম্পূৰ্ণ কৰাৰ পিছত বিয়লি ৪:৩৪ বজাত আই এছ এছৰ পৰা পৃথক হ’ব।
তেওঁ ১৫ জুলাইৰ বিয়লি প্ৰায় ৩:০০ বজাত কেলিফৰ্ণিয়াৰ উপকূলত স্প্লেশডাউনৰ সৈতে পৃথিৱীলৈ উভতি আহিব।ISRO ৰ মতে পৃথিৱীলৈ ঘূৰি অহাৰ পিছত শুভাংশু শুক্লাই ৭ দিনীয়া পুনৰ্বাসন কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব, যাতে তেওঁলোকে পৃথিৱীৰ মহাকৰ্ষণীয় অৱস্থানত আৰামদায়ক হ’ব পাৰে।
লগতে পঢ়ক: পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা… ইছৰোৱে দিলে এই আপডেট