বহু প্ৰত্যাশিত এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণৰ তাৰিখ পিছুৱাই দিয়া হৈছে । এতিয়া এই অভিযান ৮ জুনত সন্ধিয়া ৬:৪১ বজাত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব । এই ঐতিহাসিক অভিযান কেনেডি স্পেচ চেণ্টাৰৰ একেটা লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা হ’ব, য’ৰ পৰা ১৯৬৯ চনৰ ১৬ জুলাইত নীল আৰ্মষ্ট্ৰঙে এপ’ল’ ১১ অভিযানৰ বাবে উৰা মাৰিছিল । এক্সিম স্পেচ আৰু নাছাই এই তথ্য এক্সৰ এটা পোষ্টত দিছে । এই অভিযানত ভাৰতৰ শুভাংশ শুক্লা আৰু আন তিনিজন মহাকাশচাৰীক অন্তৰ্ভুক্ত আছে ।
নাছাই দিলে তথ্য-
এই অভিযানৰ উৎক্ষেপণৰ তাৰিখ সলনি কৰাৰ বিষয়ে নাছাই অৱগত কৰিছে । মহাকাশ কেন্দ্ৰৰ উৰণৰ সময়সূচী পৰ্যালোচনা কৰাৰ পিছত নাছা আৰু ইয়াৰ অংশীদাৰসকলে আগন্তুক কেইবাটাও অভিযানৰ বাবে উৎক্ষেপণৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰিছে বুলি নাছাই এক্সত প্ৰকাশ কৰিছে । এতিয়া ৮ জুন দেওবাৰে এক্সিয়াম মিছন ৪ উৎক্ষেপণ কৰা হ’ব ।
শুভাংশু শুক্লাই সৃষ্টি কৰিব ইতিহাস-
আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু ভাৰতৰ ইছৰোৰ যৌথ উদ্যোগত এই এক্সিয়াম অভিযান । এই অভিযানৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ইতিহাস ৰচনা কৰিব । শেহতীয়াকৈ নাছাই ঘোষণা কৰা মহাকাশ অভিযান এক্সিয়াম মিছন-৪ৰ বাবে চূড়ান্ত কৰা চাৰিজন ক্ৰু মেম্বাৰৰ মুখ্য পাইলট হ’ব শুভাংশু । তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হিচাপে অভিলেখ সৃষ্টি কৰিব ।
এই অভিযানত পাইলটৰ ভূমিকা পালন কৰিব শুভাংশু শুক্লাই । তেওঁ আন তিনিগৰাকী আন্তঃৰাষ্ট্ৰীয় মহাকাশচাৰীৰ সৈতে দুসপ্তাহ ধৰি আই এছ এছত থাকিব । ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হ’ব শুভাংশু শুক্লা । ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ যাত্ৰাৰ চাৰিটা দশকৰ পাছত শুভাংশু শুক্লাৰ এই যাত্ৰা । ১৯৮৪ চনত ৰাকেশ শৰ্মাই ৰাছিয়াৰ ছোয়ুজ মহাকাশযানেৰে মহাকাশলৈ যাত্ৰা কৰিছিল ।